ডিব্ৰুগড়ত আহোম জনগোষ্ঠীৰ বিশাল জোৰ সমদল
ডিব্ৰুগড়ত আহোম জনগোষ্ঠীৰ বিশাল জুৰ সমদল।
ডিব্ৰুগড়ত আহোম জনগোষ্ঠীৰ বিশাল জোৰ সমদল


ডিব্ৰুগড়, ০২ নৱেম্বৰ (হি.স.): আহোম সকলক জনজাতিৰ মৰ্যদা প্ৰদানৰ দাবীত আহোম জনগোষ্ঠীৰ টাইপাৰ উদ্যোগত কেইবাটাও জাতীয় সংগঠনৰ সহযোগত ডিব্ৰুগড়ত যোৱা কালি শনিবাৰে সন্ধিয়া এক বিশাল জোৰ সমদলৰ কাৰ্যসূচী ৰূপায়ন কৰে আহোম জনগোষ্ঠীৰ লোকসকলে। অতি শীঘ্ৰে আহোম সকলক জনজাতি মৰ্যদা প্ৰদান কৰাৰ লগতে স্বশাসন ব্যৱস্হা প্ৰদান কৰাৰ দাবী তোলে।

জনজাতি মৰ্যদা প্ৰদানৰ ব্যৱস্থা নকৰিলে ২৬ৰ নিৰ্বাচনৰ আগতে তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰ উপৰিও বিধানসভা নিৰ্বাচনত উচিত প্ৰত্যুত্তৰ দিব বুলি হুংকাৰ প্ৰদান কৰে জনগোষ্ঠীটোৱে।

যোৱা কালি শনিবাৰে সন্ধিয়া ডিব্ৰুগড়ৰ চৌকিডিঙ্গী খেল পথাৰৰ পৰা জোৰ সমদল বাহিৰ কৰি থানা চাৰিআলি লৈকে ৰেলি কৰি বিভিন্ন ধৰণৰ শ্লোগানেৰে আকাশ বতাহ কপাই তোলে কেইবাটাও আহোম জনগোষ্ঠীৰ দল সংগঠনে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande