বজালীৰ পাটাছাৰকুছিৰ ৩২ সংখ্যক ৰাস মহোৎসৱৰ ব্যাপক প্ৰস্তুতি
বজালীৰ পাটাছাৰকুছিৰ ৩২ সংখ্যক ৰাস মহোৎসৱৰ ব্যাপক প্ৰস্তুতি।
বজালীৰ পাটাছাৰকুছিৰ ৩২ সংখ্যক ৰাস মহোৎসৱৰ ব্যাপক প্ৰস্তুতি


বৰপেটা, ০২ নৱেম্বৰ (হি.স.): বজালীৰ পাটাছাৰকুছিৰ ৩২ সংখ্যক ৰাস মহোৎসৱৰ ব্যাপক প্ৰস্তুতি চলাই থকা হৈছে। ১৫ দিনীয়াকৈ‌ বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব ৩২ সংখ্যক পাটাছাৰকুছি আঞ্চলিক ৰাস মহোৎসৱ।

ৰাস মহোৎসৱক লৈ ব্যস্ত হৈ পৰিছে মৃৎ শিল্পীসকল। ৫ নবেম্বৰত অনুষ্ঠিত হ'বলগীয়া ৰাস মহোৎসৱৰ মুল দ্বাৰ মুকলি কৰিব মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। প্ৰকৃতিৰ দ্বান কালদিয়া নৈৰ বাকৰিত প্ৰাণ পাই উঠিব বৃন্দাবনৰ লগতে বহুতো আকৰ্ষণীয় শিল্পই। ৰাস মহোৎসৱক লৈ ব্যস্ত হৈ পৰিছে উদযাপন সমিতি ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande