
বঙাইগাঁও, ০২ নৱেম্বৰ (হি.স.): বঙাইগাঁৱত উপস্থিত হয় জিলাখনলৈ অভিভাৱক মন্ত্ৰী ৰণজিৎ কুমাৰ দাস। বঙাইগাঁও জিলা পৰিষদৰ সভাগৃহত যোৱা কালি শনিবাৰে বিয়লি জিলাখনৰ ৬৫ টা পঞ্চায়তৰ প্ৰতিনিধিসকলৰ সৈতে এক সভাত উপস্থিত থাকি আগন্তুক দিনত পঞ্চায়তৰ কামকাজ নিকা আৰু সচ্ছতাৰে যাতে সমাপন হয় তাৰবাবে সকলো প্ৰতিনিধিকে আহ্বান জনায় ৷
আনহাতে, কংগ্ৰেছৰ দিনত প্ৰধানমন্ত্ৰী আবাস যোজোনাৰ গৃহ প্ৰদানৰ নামত ব্যাপক ধনৰ লেনদেন হৈছিল বুলি উল্লেখ কৰি কয় যে, বিজেপি চৰকাৰৰ দিনত এটকাও খৰছ নকৰাকৈ সকলোৱে গৃহ লাভ কৰিছে । কোনোবা যদি তালিকাভুক্ত হয়, তেওঁৰ কাষলৈ পঞ্চায়তৰ প্ৰতিনিধি নিজেই যাব লাগিব ।
ইফালে, বিকাশ অসমৰ আত্মসমৰ্পণ আৰু গ্ৰেপ্তাৰ সন্দৰ্ভত মন্ত্ৰী ৰণজিৎ দাসে কয় যে, আইন কোনেও হাতত তুলি ল'ব নালাগে । আগৰ সেই চান্দা তুলাৰ সময় নাই এতিয়াৰ অসমত ।সকলোৱে স্বাধীন ভাবে বসবাস কৰি আছে ব্যৱসায় কৰি আছে ।আত্মসমৰ্পণ কৰিলেও আইনৰ জৰিয়তে আৰক্ষীয়ে ব্যৱস্থা ল'ব । ছয় জনগোষ্ঠীৰ জনজাতিকৰণ সন্দৰ্ভত তেওঁ কয় যে, ডিচেম্বৰ মাহত অনুষ্ঠিত হ'বলগীয়া বিধানসভা অধিৱেশনত ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰতিবেদন দাখিল হ'ব । আৰু ডিচেম্বৰ মাহৰ পিছতে জনজাতিকৰণৰ সকলো জটিলতা শেষ হ'ব বুলি মন্তব্য কৰে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে।
বঙাইগাঁও জিলাৰ বৰ্ষণগাঁও এম ভি স্কুলৰ মহাৰজত জয়ন্তীৰ সামৰণি অনুষ্ঠানৰ এক মুকলি সভাত মুখ্য অতিথি হিচাবে উপস্থিত থাকে মন্ত্ৰী ৰণজিৎ কুমাৰ দাস। মহাৰজত জয়ন্তীৰ সামৰণি অনুষ্ঠানৰ মুকলি সভাত মন্ত্ৰী দাসৰ উপৰিও প্ৰাক্তন অসম অসামৰিক সেৱাৰ বিষয়া তথা কেৰিয়াৰ কন্চালটেন্ট পুনম গগৈৰ লগতে বহু সমল ব্যক্তিসকল উপস্থিত থাকে ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ