
গোলাঘাট, ০২ নৱেম্বৰ (হি.স.): এশিঙীয়া গঁড়ৰ বাবে আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন কাজিৰঙাত আয়োজন কৰা হৈছে ৰাইন’ ৰাণ ৷ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষ আৰু ডব্লিউ টি আৰ পিৰ যৌথ উদ্যোগত জয় জুবিনদা ধ্বনিৰে আজি পুৱাই কাজিৰঙাৰ মিহিমুখত আৰম্ভ কৰা হয় “কাজিৰঙা ৰাইন’ ৰাণ” শীৰ্ষক মাৰাথন দৌৰ প্ৰতিযোগিতা ৷
বিশ্ব জুৰি প্ৰসাৰতা লাভ কৰা অসমৰ এশিঙিয়া গঁড়ৰ সংৰক্ষণক মান্যতা প্ৰদান কৰি আয়োজন কৰা হৈছে কাজিৰঙা ৰাইন’ ৰাণ মাৰাথন। এই প্ৰতিযোগিতাত মধ্যপ্ৰদেশ, উত্তৰ প্ৰদেশ, মণিপুৰৰ লগতে অসমকে ধৰি তিনি শতাধিক প্ৰতিযোগীয়ে অংশ গ্ৰহণ কৰে ৷ উল্লেখযোগ্য যে আজি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কহঁৰা বনাঞ্চলত মুকলি কৰা হ’ব জীপ ছাফাৰী আৰু হাতী ছাফাৰী ৷উল্লেখ্য যে যোৱা কালি শনিবাৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বাগৰি বনাঞ্চলত ২০২৫-২৬ পৰ্যটন বৰ্ষৰ বাবে ব্যক্তিগত হাতী ছাফাৰী আৰম্ভ কৰা হৈছিল।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ