জনীয়াৰ ডাউকমাৰী-কাছুকাটীত বেঁকী নৈৰ ব্যাপক গৰাখহনীয়া
জনীয়াৰ ডাউকমাৰী-কাছুকাটীত বেঁকী নৈৰ ব্যাপক গৰাখহনীয়া।
জনীয়াৰ ডাউকমাৰী-কাছুকাটীত বেঁকী নৈৰ ব্যাপক গৰাখহনীয়া


বৰপেটা, ০২ নৱেম্বৰ (হি.স.): বৰপেটা জিলাৰ জনীয়াৰ ডাউকমাৰী-কাছুকাটীত বেঁকী নৈৰ ব্যাপক গৰাখহনীয়াৰ সৃষ্টি হৈছে। চপৰা-চপৰে খহিছে কৃষকৰ কৃষি ভূমি। খহনীয়াত নৈৰ বুকুত বিঘাই বিঘাই জাহ গৈছে খেতি মাটি ঘৰ-বাৰী। ইফালে খবৰ এই খহনীয়াৰ প্ৰতি জনপ্ৰতিনিধি আৰু জিলা প্ৰশাসনৰ তৰফৰপৰা খৱৰ ল'বলৈ আহৰি নোপোৱাক লৈ ক্ষোভিত হৈ পৰিছে ভূক্তভোগী সকল।

গৰাখহনীয়া স্থায়ী প্ৰতিৰোধৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে ৰাইজে। শীঘ্ৰে খহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা নকৰিলে ডাউকমাৰী, বাংলিপাৰা আৰু বানিয়াৰাপাৰা গাঁৱলৈ তীব্ৰ ভাবুকি নামি আহিব পাৰে। গৰাখহনীয়াই নিদ্ৰা হৰণ কৰিছে গঞা ৰাইজৰ। বেঁকী নৈৰ খহনীয়াৰ ফলত নৈৰ বুকুত জাহ গৈছে বিঘাই বিঘাই খেতি মাটি আৰু ঘৰ-বাৰী।

উল্লেখযোগ্য যে, প্ৰায় তিনি মাহে চলি থকা গৰাখহনীয়াৰ খবৰ নোলোৱাৰ অভিযোগ জনপ্ৰতিনিধি আৰু জিলা প্ৰশাসনৰ বিৰুদ্ধে। ইফালে গৰাখহনীয়া স্থায়ী প্ৰতিৰোধৰ দাবীত ওলাই আহিল শশ গঞা ৰাইজ। সাব্যস্ত কৰিলে প্ৰতিবাদ। শীঘ্ৰে খহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা নকৰিলে ডাউকমাৰী, বাংলীপাৰা আৰু বানিয়াৰাপাৰা গাঁৱৰ কেইবা সহস্ৰাধিক পৰিয়ালৰ প্ৰতি তীব্ৰ ভাবুকিৰ সৃষ্টি হ'ব বুলি জানিবলৈ দিয়ে প্ৰতিবাদকাৰী গঞা ৰাইজে।

সেয়েহে চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষক অতি শীঘ্ৰে খহনীয়া প্ৰতিৰোধৰ স্থায়ী প্ৰতিৰোধৰ ব্যৱস্থা কৰাৰ দাবী জনায় ভূক্তভোগী ৰাইজে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande