বোকাখাতৰ কুৰুৱাবাহী অঞ্চলত বন্য হস্তীৰ মুক্ত বিচৰণ
বোকাখাতৰ কুৰুৱাবাহী অঞ্চলত বন্য হস্তীৰ মুক্ত বিচৰণ।
বোকাখাতৰ কুৰুৱাবাহী অঞ্চলত বন্য হস্তীৰ মুক্ত বিচৰণ


গোলাঘাট, ০২ নৱেম্বৰ (হি.স.): গোলাঘাট জিলাৰ বোকাখাতৰ কুৰুৱাবাহী অঞ্চলত বন্য হস্তীৰ মুক্ত বিচৰণ পৰিলক্ষিত হৈছে। কাৰ্বি পাহাৰৰ পৰা খাদ্যৰ সন্ধানত নামি অহা হাতীৰ জাকে জনাঞ্চল এলেকাত মুকলি ভাৱে বিচৰণ কৰিছে।

ইফালে হাতীৰ জাকক খেদিবলৈ বন বিভাগৰ লোকে ফুটুওৱা আটচবাজি লাগি আহত হয় এজন লোক। লোকজনৰ নাম বিৰবল ঘাটোৱাল বুলি জনা গৈছে। শনিবাৰে ৰজাবাৰীৰ নেপালীখুটি গাঁৱত গধূলি পৰতে বন্য হস্তীৰ জাক প্ৰৱেশ কৰাৰ সময়ত হাতীৰ জাকটো খেদিবৰ বাবে বন বিভাগৰ লোক উপস্থিত হৈ ফটকা ফুটুৱাৰ সময়তে ফটকাৰ ফিৰিঙতি পৰি কিছু পৰিমাণে আহত হয়। বন বিভাগৰ লোকে ব্যক্তি গৰাকীক বোকাখাত কমলা মিৰি অসামৰিক চিকিৎসালয়লৈ আনি প্ৰাথমিক চিকিৎসা প্ৰদান কৰে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande