১০ ডিচেম্বৰত এছআইটিয়ে দাখিল কৰিব জুবিন গাৰ্গৰ মৃত্যু তদন্তৰ অভিযোগনামা
গুৱাহাটী, ০২ নৱেম্বৰ (হি.স.)। প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ ক্ষিপ্ৰ তদন্ত, দোষীক কঠোৰ শাস্তি প্ৰদানৰ ৰাইজৰ দাবীৰ মাজতে জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তক লৈ শনিবাৰে পুনৰ গুৰুত্বপূৰ্ণ মন্তব্য কৰে হিমন্ত বিশ্ব শৰ্মাই। অহা ১০ ডিচেম্বৰত এছআইটিয়ে চাৰ্জশ্
১০ ডিচেম্বৰত এছআইটিয়ে দাখিল কৰিব জুবিন গাৰ্গৰ মৃত্যু তদন্তৰ অভিযোগনামা


গুৱাহাটী, ০২ নৱেম্বৰ (হি.স.)। প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ ক্ষিপ্ৰ তদন্ত, দোষীক কঠোৰ শাস্তি প্ৰদানৰ ৰাইজৰ দাবীৰ মাজতে জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তক লৈ শনিবাৰে পুনৰ গুৰুত্বপূৰ্ণ মন্তব্য কৰে হিমন্ত বিশ্ব শৰ্মাই। অহা ১০ ডিচেম্বৰত এছআইটিয়ে চাৰ্জশ্বীট দাখিল কৰিব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে সদৰী কৰে। শনিবাৰে মৰিগাঁৱত ৰাজ্য চৰকাৰে ৰূপায়ণ কৰা মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ অধীনত মৰিগাঁও বিধান সভা সমষ্টিৰ অন্তৰ্গত হিতাধিকাৰীসকলক প্ৰাৰম্ভিক পুঁজিৰ চেক বিতৰণ কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ পাছত সাংবাদিকৰে বাৰ্তালাপত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই কথা সদৰি কৰে। তেওঁ কয়, ‘‘জুবিনক ন্যায় দিয়াৰ আচল পদক্ষেপ এছআইটিৰ চাৰ্জশ্বীট দাখিল কৰাৰ পাছত ৰাইজে বহুবছৰজুৰি জুবিনৰ লগত হৈ থকা বহু দুখ আৰু বেদনাভৰা কাহিনী গম পাব।’’

ইফালে জুবিন গাৰ্গৰ শেষৰখন চিনেমা ‘ৰৈ ৰৈ বিনালে’ সন্দৰ্ভতো মন্তব্য কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। তেওঁ কয়, ‘‘ৰাইজক কষ্ট দি মই চিনেমা নাচাওঁ। মোৰ ইয়াৰ পৰা পলিটিকেল মাইলেজ ল’বলগীয়া নাই।’’ মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয়, ‘‘জুবিন ৰাইজৰ সম্পত্তি, ৰাইজে প্ৰথম চিনেমা চাব। ৰজাই শেষ লাইনত থিয় হ’বলৈ শিকিব লাগে। কিছুসংখ্যক নেতাই চিনেমা চাবলৈ গৈ ৰাইজক কষ্ট দিলে। কোনো কোনো ব্যক্তিয়ে ২০০ৰ পৰা ৩০০ পৰ্যন্ত টিকট কিনিলে।’’

ইপিনে, জুবিন গাৰ্গৰ অনুৰাগী সন্দৰ্ভত তেওঁ কয়, ‘‘অসমীয়া মানুহসকলহে জুবিনৰ প্ৰকৃত অনুৰাগী। বিজেপিৰ সদস্যসকল জুবিনৰ প্ৰকৃত অনুৰাগী। মিঞা মুছলমানসকল জুবিনৰ মিছা অনুৰাগী।’’ উচ্ছেদ অভিযান সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কয়, ‘‘ৰাজ্যত উচ্ছেদ অভিযান চলি থাকিবই। জুবিনকো ন্যায় দিম, মিঞা মুছলমানক কষ্টও দিম। অৰ্জুন সব্যসাচী আছিল, দুয়োহাতৰে শৰ মাৰিছিল। অজুৰ্নৰ দৰে লক্ষ্য স্থিৰ মোৰ। আমিতো পূজা-সভাত জুবিনৰ ফটো ৰাখো। মিঞাৰ ধৰ্মসভাত জুবিনৰ ফটো দেখিছে নেকি?’’

জুবিন গাৰ্গৰ প্ৰতি অনুৰাগ প্ৰদৰ্শনৰ নামত একাংশই কৰা উদ্ভণ্ডালিক লৈ তেওঁ কয় যে এই সকল ভণ্ড অনুৰাগী। এপ্ৰিলত ইলেকচন হৈ যোৱাৰ পাছত জুবিনৰ ডুপ্লিকেট অনুৰাগীবিলাক নোহোৱা হৈ যাব আৰু ইলেকচন শেষ হোৱাৰ পাছত প্ৰকৃত অনুৰাগীবিলাকহে থাকি যাব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande