চেন্নাইত গুৰুতৰ ভাবে আহত বাক্সাৰ যুৱক
বাক্সা, ১৪ নৱেম্বৰ (হি.স.)। বাক্সা জিলাৰ বাগানপাৰা আৰক্ষী চকীৰ অন্তৰ্গত সুন্দৰীপাৰাৰ এগৰাকী যুৱকৰ কৰুণ কাহিনী। যুৱকজনৰ নাম ধনজিৎ দাস। দুমাহ পূৰ্বে কৰ্ম সংস্থাপন বিচাৰি গৈছিল বহিঃ ৰাজ্য চেন্নাই লৈ। এটা কোম্পানীৰ অধীনত মকৰল হৈছিল চিকিউৰিটি গাৰ্ড হিচা
চেন্নাইত গুৰুতৰ ভাবে আহত বাক্সাৰ যুৱক


বাক্সা, ১৪ নৱেম্বৰ (হি.স.)। বাক্সা জিলাৰ বাগানপাৰা আৰক্ষী চকীৰ অন্তৰ্গত সুন্দৰীপাৰাৰ এগৰাকী যুৱকৰ কৰুণ কাহিনী। যুৱকজনৰ নাম ধনজিৎ দাস। দুমাহ পূৰ্বে কৰ্ম সংস্থাপন বিচাৰি গৈছিল বহিঃ ৰাজ্য চেন্নাই লৈ। এটা কোম্পানীৰ অধীনত মকৰল হৈছিল চিকিউৰিটি গাৰ্ড হিচাপে। কিন্তু দূৰ্ভাগ্যজনক ভাৱে নিশা কৰ্মস্থলীৰ পৰা ভাড়া ঘৰলৈ উভতি অহাৰ পথত কোনো অচিনাক্ত বাহনে খুন্দিয়াই থৈ যায় ধনজিৎ দাসক।

যাৰ ফলত গুৰুতৰ ভাৱে আহত হৈ এতিয়া যুঁজিছে জীৱন মৃত্যুৰে।চেন্নাইৰ গভাৰ্ণমেন্ট ৰয়াপিতাহ হস্পিতালত চিকিৎসাধীন হৈ আছে ধনজিৎ দাস।

দৰিদ্ৰ পৰিয়ালটোৱে ঘৰৰ সকলো বিক্ৰী কৰি ধনজিৎৰ চিকিৎসা কৰিছে যদিও এতিয়া আৰু প্ৰয়োজন বহু অৰ্থৰ। ঘৰৰ একমাত্ৰ উপাৰ্জনক্ষম যুৱকজনৰ এনে অৱস্থাত এতিয়া পৰিয়ালটো দিশহাৰা হৈ পৰিছে।

পৰিয়ালটোৱে বিচাৰিছে চৰকাৰ তথা সদাশয় ব্যক্তিৰ পৰা আৰ্থিক সহায়। বিশেষকৈ অসমৰ মুখ্যমন্ত্ৰী ড°হিমন্ত বিশ্ব শৰ্মাক সহায়ৰ বাবে পৰিয়ালটোৱে কাতৰ আহ্বান জনাইছে। কোনো সদাশয় ব্যক্তিয়ে পৰিয়ালটোক সহায় কৰিব বিচাৰিলে ভাৰতীয় ষ্টেট বেংকৰ একাউন্ট নং -৩৪৩৪১৪৩০৩০৮, আৰ্থিক সাহাৰ্য্য প্ৰদান কৰিব পাৰে।

আপোনাৰ অলপ সহায়ে পৰিয়ালটোৰ মুখত হয়তো হাঁহি বিৰিঙাবলৈ সক্ষম হব।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande