
ৱাশ্বিংটন, ১৪ নৱেম্বৰ (হি.স.)। ভেনিজুৱেলাত এক বৃহৎ অভিযানৰ বাবে সাজু হৈছে আমেৰিকাৰ সেনাই। ভেনিজুৱেলাত স্থল আক্ৰমণকে ধৰি সম্ভাৱ্য অভিযানৰ নতুন বিকল্পৰ বিষয়ে ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পক অৱগত কৰিছে শীৰ্ষ সামৰিক বিষয়াসকলে। এই সন্দৰ্ভত হোৱাইট হাউছত কেইবাখনো উচ্চ পৰ্যায়ৰ বৈঠক অনুষ্ঠিত হৈছে। ৰাষ্ট্ৰপতি ট্ৰাম্পৰ সৈতে হোৱা বৈঠকত যুদ্ধ সচিব পিট হেগছেথ, যুটীয়া চীফ অফ ষ্টাফৰ অধ্যক্ষ ডেন কেইনকে ধৰি অন্যান্য জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকে।
চিবিএছ নিউজৰ এক প্ৰতিবেদন অনুসৰি বুধবাৰে এই বিষয় সন্দৰ্ভত ৰাষ্ট্ৰপতি ট্ৰাম্পৰ সৈতে জ্যেষ্ঠ সামৰিক বিষয়াসকলে সাক্ষাৎ কৰে। সামৰিক বিষয়াসকলে ভেনিজুৱেলাত সম্ভাৱ্য অভিযানৰ ৰূপৰেখা দাঙি ধৰে আৰু প্ৰয়োজন হ’লে স্থল আক্ৰমণৰ পৰিকল্পনাৰ বিষয়ে ৰাষ্ট্ৰপতিক অৱগত কৰে। যুদ্ধ সচিব পিট হেগছেথ আৰু যুটীয়া মুখ্য কৰ্মচাৰীৰ অধ্যক্ষ ডেন কেইনে ৰাষ্ট্ৰপতি ট্ৰাম্পৰ সৈতে সম্পূৰ্ণ পৰিকল্পনা ভাগ কৰে যদিও চূড়ান্ত সিদ্ধান্ত লোৱা হোৱা নাই।
হোয়াইট হাউছৰ মুখপাত্ৰই ততাতৈয়াকৈ কোনো মন্তব্য কৰা নাই। পেন্টাগনৰ এগৰাকী মুখপাত্ৰইও এই সন্দৰ্ভত কোনো মন্তব্য দিবলৈ অস্বীকাৰ কৰে। আমেৰিকাৰ চোৰাংচোৱা বিষয়াৰ সহায়ত এই সম্ভাৱ্য সামৰিক অভিযানৰ পৰিকল্পনা কৰা হৈছে। ৰাষ্ট্ৰীয় চোৰাংচোৱা সঞ্চালক টালচি গাবাৰ্ডে বহিঃৰাজ্য ভ্ৰমণৰ বাবে হোৱাইট হাউছৰ বৈঠকত উপস্থিত নাছিল। জি-৭ৰ বৈদেশিক মন্ত্ৰীৰ সন্মিলনত অংশগ্ৰহণ কৰি কানাডাত আছিল বিদেশ সচিব মাৰ্কো ৰুবিঅ’।
চলিত সপ্তাহৰ আৰম্ভণিতে ইউ এছ এছ জেৰাল্ড ফৰ্ড কেৰিয়াৰ ষ্ট্ৰাইক গ্ৰুপে আমেৰিকাৰ দক্ষিণ কমাণ্ডৰ অধিকাৰক্ষেত্ৰত প্ৰৱেশ কৰিছিল। কেৰিবিয়ান আৰু দক্ষিণ আমেৰিকাত অভিযান চলাবলৈ চাউদাৰ্ণ কমাণ্ড হৈছে প্ৰাথমিক যুদ্ধ ইউনিট। ইতিমধ্যে অঞ্চলটোত থকা ধ্বংসকাৰী বিমান, যুঁজাৰু বিমান আৰু বিশেষ অভিযানৰ সঁজুলিৰ বহৰত যোগদান কৰে ফৰ্ডে।
বিগত দুমাহত আমেৰিকা বাহিনীয়ে দক্ষিণ আমেৰিকাৰ পৰা আমেৰিকালৈ ড্ৰাগছ কঢ়িয়াই নিয়াৰ অভিযোগত কমেও ২১খন জাহাজত আক্ৰমণ চলাইছে। অক্টোবৰৰ শেষৰ ফালে এটা অভিযানত দুখন নাওক লক্ষ্য কৰি লোৱা হৈছিল। এই আক্ৰমণত কমেও ৮০ জন সৰবৰাহকাৰী নিহত হোৱা বুলি জানিব পৰা গৈছে। দুজন সৰৱৰাহকাৰীক বন্দী কৰি নিজৰ দেশ ইকুৱেডৰ আৰু কলম্বিয়ালৈ ঘূৰাই পঠিওৱা হয়।
বুধবাৰে ইণ্ডিয়ানাৰ ফ’ৰ্ট ৱেইনত অনুষ্ঠিত হোৱা প্ৰতিৰক্ষা সন্মিলনত ভাষণ দি হেগছেথে ড্ৰাগছ সৰবৰাহকাৰীৰ বিৰুদ্ধে ট্ৰাম্প প্ৰশাসনৰ আক্ৰমণাত্মক পদক্ষেপৰ কথা উত্থাপন কৰে। হেগছেথে কয় যে বিদেশী সন্ত্ৰাসবাদী সংগঠনক কোনো নাওত উঠিব নালাগে বুলি পৰামৰ্শ দিয়া হৈছে। আমেৰিকাৰ জনসাধাৰণক বিষাক্ত কৰিবলৈ যদি ড্ৰাগছ সৰবৰাহ কৰা হয় তেন্তে সেয়া বৰ বেয়া হ’ব।’
हिन्दुस्थान समाचार / অৰৱিন্দ