

ডিব্ৰুগড়, ১৪ নৱেম্বৰ (হি.স.)। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে টিংখাঙতো বৰ্ণাঢ্য কাৰ্যসূচীৰে শিশু দিৱস উদযাপিত হয়। টিংখাঙৰ গেলাদিচাং গাঁৱত জ্ঞানজ্যোতি মইনা পাৰিজাত আৰু জ্যোতি যুৱক সংঘৰ উদ্যোগত তথা স্থানীয় ৰাইজৰ সহযোগত দিনজোৰা কাৰ্যসূচীৰে শিশু দিৱস অনুষ্ঠিত কৰা হয়।
শিশু দিৱসৰ কাৰ্যসূচীৰ লগত সংগতি ৰাখি শিশু সকলৰ মাজত চিত্ৰাংকণ, জ্যোতি সংগীত, বিষ্ণুৰাভা সংগীত , ভূপেন্দ্ৰ সংগীত আদি বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। শিশু সকলৰ গীত-মাতৰ কলৰবত মুখৰিত হৈ পৰে সমগ্ৰ পৰিৱেশ। ইফালে বছৰেকত এটা দিন শিশু সকলৰ নামত উৎসৰ্গা কৰিলেই শিশুৰ সামাজিক অধিকাৰ তথা উত্তৰণ সম্ভৱ নহয় বুলি উল্লেখ কৰি শিশু সকলৰ সামগ্ৰিক বিকাশৰ বাবে সমাজৰ প্ৰতিটো দল-সংগঠন আৰু সচেতন নাগৰিকক সজাগ হ'বলৈ আহ্বান জনায় উদযাপন সমিতিয়ে।
হিন্দুস্থান সমাচাৰ / Narayan Kar