
কলকাতা, ১৪ নৱেম্বৰ (হি.স.)। টাটা ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ ২০২৬ ছিজনৰ বাবে নিউজিলেণ্ডৰ কিংবদন্তি ফাষ্ট বলাৰ টিম চাউথীক নিযুক্তি দিছে কলকাতা নাইট ৰাইডাৰ্ছে।
আধুনিক যুগৰ অন্যতম সফল বেগী বলাৰ টিম চাউথী। ১৫ বছৰতকৈও অধিক সময় নিউজিলেণ্ড ক্ৰিকেটৰ মেৰুদণ্ড হিচাপে পৰিগণিত হোৱা চাউথীয়ে ১০০খনতকৈও অধিক টেষ্ট, ১৫০খনতকৈও অধিক এদিনীয়া আৰু ১২০খনতকৈও অধিক টি-২০ আন্তঃৰাষ্ট্ৰীয় মেচত নিজৰ দক্ষতা প্ৰদৰ্শন কৰিছে। তিনিওটা ফৰ্মেটতে তেওঁৰ হাতত আছে ৭০০ৰো অধিক আন্তঃৰাষ্ট্ৰীয় উইকেট। ছুইং, লাইন, আৰু নেতৃত্বৰ বাবে পৰিচিত চাউথীয়ে নিউজিলেণ্ডৰ অধিনায়কত্বও কৰিছিল আৰু ২০১৯ চনৰ বিশ্বকাপ আৰু ২০২১ চনৰ বিশ্ব টেষ্ট চেম্পিয়নশ্বিপত তেওঁলোকৰ জয়ত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।
কেকেআৰৰ বাবে চাউথী কোনো অচিনাকি নহয়। ২০২১, ২০২২, আৰু ২০২৩ চনত খেলুৱৈ হিচাপে কেকেআৰ দলৰ অংশ আছিল।তেওঁৰ পেছাদাৰী দৃষ্টিভংগী আৰু যুৱ খেলুৱৈক পথ প্ৰদৰ্শন কৰাৰ ক্ষমতাই খেলপথাৰ আৰু ড্ৰেছিং ৰুম দুয়োটাতে প্ৰভাৱ পেলাইছে। ২০২৫ চনত তেওঁ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ কৰে।
কেকেআৰৰ চিইঅ’ ভেংকি মহীশূৰে নিযুক্তিৰ সন্দৰ্ভত কয় যে, আমি টিম চাউথীক কেকেআৰ পৰিয়াললৈ পুনৰ আদৰণি জনাই আনন্দিত হৈছো, এইবাৰ প্ৰশিক্ষক হিচাপে। তেওঁৰ অভিজ্ঞতা আৰু কাৰিকৰী জ্ঞানে আমাৰ বলিং ইউনিটক শক্তিশালী কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। তেওঁৰ নেতৃত্বৰ গুণ আৰু শান্ত আচৰণ আমাৰ যুৱ বলাৰসকলৰ বাবে অত্যন্ত উপকাৰী হ'ব।
নতুন ভূমিকাক লৈ উৎসাহিত হৈ চাউথীয়ে কয়, কেকেআৰ মোৰ বাবে সদায় ঘৰৰ দৰেই হৈ আহিছে, আৰু এই নতুন দায়িত্ব লৈ ঘূৰি অহাটো এক সন্মান। মই ফ্ৰেঞ্চাইজিৰ মহান সংস্কৃতি, আবেগিক অনুৰাগী, আৰু প্ৰতিভাৱান খেলুৱৈৰ সৈতে কাম কৰিবলৈ আগ্ৰহী। মই বলাৰসকলৰ সৈতে কাম কৰি আইপিএল ২০২৬ত দলটোক সফলতালৈ লৈ যাবলৈ আগ্ৰহী।
हिन्दुस्थान समाचार / অৰৱিন্দ