ইউক্ৰেইনত ৰাছিয়াৰ বিমান আক্ৰমণ: কিয়েভত ১১টা অট্টালিকা ক্ষতিগ্ৰস্ত, ১২ জন আহত
কিয়ভ, ১৪ নৱেম্বৰ (হি.স.)। ৰাছিয়াই ইউক্ৰেইনৰ ৰাজধানী কিয়েভত নিশাৰ ভিতৰতে বৃহৎ ক্ষেপণাস্ত্ৰ আৰু ড্ৰোন আক্ৰমণ চলায়। ৰাজধানীলৈ শ শ ক্ষেপণাস্ত্ৰ নিক্ষেপ কৰা হয়। স্থানীয় সময় অনুসৰি নিশা প্ৰায় ১২:৪৫ বজাত কিয়েভত কেইবাটাও বিস্ফোৰণ সংঘটিত হয়। নিশা
ইউক্ৰেইনত ৰাছিয়াৰ বিমান আক্ৰমণ: কিয়েভত ১১টা অট্টালিকা ক্ষতিগ্ৰস্ত, ১২ জন আহত


কিয়ভ, ১৪ নৱেম্বৰ (হি.স.)। ৰাছিয়াই ইউক্ৰেইনৰ ৰাজধানী কিয়েভত নিশাৰ ভিতৰতে বৃহৎ ক্ষেপণাস্ত্ৰ আৰু ড্ৰোন আক্ৰমণ চলায়। ৰাজধানীলৈ শ শ ক্ষেপণাস্ত্ৰ নিক্ষেপ কৰা হয়। স্থানীয় সময় অনুসৰি নিশা প্ৰায় ১২:৪৫ বজাত কিয়েভত কেইবাটাও বিস্ফোৰণ সংঘটিত হয়। নিশা ১ৰ পৰা ১:৩০ বজাৰ ভিতৰত দুটা বিস্ফোৰণৰ শব্দ শুনা যায়। আক্ৰমণৰ মাজতে কিয়ভ চহৰৰ সামৰিক প্ৰশাসনৰ মুৰব্বী টাইমুৰ টকাচেংকোৱে সতৰ্কবাণী জাৰি কৰে। সতৰ্কবাণীটোত কোৱা হৈছে যে, ৰাছিয়াই আৱাসিক অট্টালিকাত আক্ৰমণ চলাইছে। কিয়ভৰ প্ৰায় প্ৰতিখন জিলাতে কেইবাটাও উচ্চ অট্টালিকাৰ ক্ষতিসাধন হৈছে।

দ্য কিয়ভ ইণ্ডিপেণ্ডেণ্ট কাকতৰ তথ্য অনুসৰি আজি পুৱা কিয়ভৰ ড্নিপ্ৰ’ভস্কি জিলাৰ এটা পাঁচ মহলীয়া আৱাসিক ভৱনৰ ওপৰত ড্ৰ’নৰ ধ্বংসাৱশেষ পৰি যায়। আন এটা আৱাসগৃহৰ ১২ নং মহলাতো অগ্নিকাণ্ড সংঘটিত হোৱাৰ খবৰ পোৱা গৈছে। কিয়ভ চহৰৰ সামৰিক প্ৰশাসনৰ মতে, পডিলস্কি জিলাৰ এটা আৱাসিক অট্টালিকাৰ দশম মহলা আৰু ছলমইনস্কি জিলাৰ এটা পাঁচ মহলীয়া অট্টালিকাৰ চাদত অগ্নিকাণ্ড সংঘটিত হোৱাৰ খবৰ পোৱা গৈছে। পডিলস্কি জিলাৰ তৃতীয়টো অট্টালিকা আৰু এটা অনাবাসিক অট্টালিকাও জুইত জাহ যায়।

কিয়ভত নিশাটোৰ ভিতৰতে সংঘটিত হোৱা আক্ৰমণত কমেও ১১টা বহুমহলীয়া অট্টালিকা ক্ষতিগ্ৰস্ত হোৱা বুলি কয়। হোলোচিভস্কি আৰু শ্বেভচেনকিভস্কি জিলাত এটা চিকিৎসালয় আৰু প্ৰশাসনিক ভৱন ক্ষতিগ্ৰস্ত হয়। বিষয়াসকলে জনোৱা মতে, সমগ্ৰ চহৰখনত কমেও ১২ জন লোক আহত হৈছে। আহতসকলৰ ভিতৰত এগৰাকী গৰ্ভৱতী মহিলাকে ধৰি ৫জনক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। এই আক্ৰমণৰ সময়ত কিয়ভৰ কেইবাখনো জিলাত বিদ্যুৎ বিচ্ছিন্ন হয়। মেয়ৰ ক্লিচ্চকোৱে কয় যে এই আক্ৰমণৰ ফলত বৈদ্যুতিক আন্তঃগাঁথনিৰ ক্ষতি হৈছে।

ৰাজধানীৰ ডাৰ্নিটস্কি জিলাতো কেইবাখনো গাড়ীত জুই লাগিছে বুলি জানিব পৰা গৈছে। বিষয়াসকলে জনোৱা মতে, ড্ৰ’ন আক্ৰমণৰ মাজতে ৰাজধানীখনত বিমান নিৰাপত্তা সক্ৰিয় হৈ আছে। ক্ষেপণাস্ত্ৰ আক্ৰমণৰ আশংকাত দেশজুৰি বিমান আক্ৰমণৰ সতৰ্কবাণী জাৰি কৰা হৈছে। যুদ্ধ নিৰীক্ষণ গোটৰ মতে, কিয়ভৰ বাহিৰৰ অঞ্চলত অৱস্থিত বিলা চেৰ্কভাকো ৰাছিয়াৰ আক্ৰমণৰ লক্ষ্য কৰি লোৱা হৈছিল।

हिन्दुस्थान समाचार / অৰৱিন্দ


 rajesh pande