পণ্ডিত নেহৰুৰ জন্ম বাৰ্ষিকীত প্ৰধানমন্ত্ৰী মোদীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন
নতুন দিল্লী, ১৪ নৱেম্বৰ (হি স)। আজি পুৱা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ প্ৰথম প্ৰধানমন্ত্ৰী পণ্ডিত জৱাহৰলাল নেহৰুৰ জন্ম বাৰ্ষিকীত স্মৰণ কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে এক্সত লিখিছে- প্ৰাক্তন প্ৰধানমন্ত্ৰী পণ্ডিত জৱাহৰলাল নেহৰুৰ জন্ম বাৰ্ষিকীত শ্ৰদ্
58bd599bb35344f16fc786482c3e76c4_319532347.jpg


নতুন দিল্লী, ১৪ নৱেম্বৰ (হি স)। আজি পুৱা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ প্ৰথম প্ৰধানমন্ত্ৰী পণ্ডিত জৱাহৰলাল নেহৰুৰ জন্ম বাৰ্ষিকীত স্মৰণ কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে এক্সত লিখিছে- প্ৰাক্তন প্ৰধানমন্ত্ৰী পণ্ডিত জৱাহৰলাল নেহৰুৰ জন্ম বাৰ্ষিকীত শ্ৰদ্ধাঞ্জলি।

উল্লেখযোগ্য যে ১৮৮৯ চনৰ ১৪ নৱেম্বৰত প্ৰয়াগৰাজ (তেতিয়াৰ এলাহাবাদ)ত জন্মগ্ৰহণ কৰা নেহৰুৱে ঘৰতে ব্যক্তিগত টিউটৰৰ পৰাই প্ৰাথমিক শিক্ষা গ্ৰহণ কৰিছিল। পোন্ধৰ বছৰ বয়সত তেওঁ ইংলেণ্ডলৈ গুচি যায় আৰু হেৰ’ত দুবছৰ থকাৰ পিছত কেম্ব্ৰিজ বিশ্ববিদ্যালয়ত নামভৰ্তি কৰে আৰু তাৰ পৰাই তেওঁ প্ৰাকৃতিক বিজ্ঞানত স্নাতক ডিগ্ৰী লাভ কৰে। ১৯১২ চনত ভাৰতলৈ উভতি অহাৰ পিছত তেওঁ পোনপটীয়াকৈ ৰাজনীতিত প্ৰৱেশ কৰে, স্বাধীনতাৰ পিছত দেশৰ প্ৰধানমন্ত্ৰী হয়।

हिन्दुस्थान समाचार / অৰৱিন্দ


 rajesh pande