কলকাতা টেষ্টত দক্ষিণ আফ্ৰিকাৰ প্ৰথম ইনিংছ ১৫৯ ৰানত সমাপ্ত, যশপ্ৰীত বুমৰাহৰ ৫টা উইকেট দখল
কলকাতা, ১৪ নৱেম্বৰ (হি.স.)। ইডেন গাৰ্ডেনত অনুষ্ঠিত প্ৰথমখন টেষ্টৰ উদ্বোধনী দিনটোত শুকুৰবাৰে ভাৰতে দক্ষিণ আফ্ৰিকাক মাত্ৰ ১৫৯ ৰানত অল আউট কৰে। মেচখনত যশপ্ৰীত বুমৰাহে ৫টা উইকেট দখল কৰে। এই মেচত দক্ষিণ আফ্ৰিকাই টছত জয়লাভ কৰি প্ৰথমে বেটিং কৰিবলৈ বাছি
भारतीय तेज गेंदबाज जसप्रीत बुमराह


কলকাতা, ১৪ নৱেম্বৰ (হি.স.)। ইডেন গাৰ্ডেনত অনুষ্ঠিত প্ৰথমখন টেষ্টৰ উদ্বোধনী দিনটোত শুকুৰবাৰে ভাৰতে দক্ষিণ আফ্ৰিকাক মাত্ৰ ১৫৯ ৰানত অল আউট কৰে। মেচখনত যশপ্ৰীত বুমৰাহে ৫টা উইকেট দখল কৰে।

এই মেচত দক্ষিণ আফ্ৰিকাই টছত জয়লাভ কৰি প্ৰথমে বেটিং কৰিবলৈ বাছি লয়। আইডেন মাৰ্কৰাম আৰু ৰিয়ান ৰিকেলটনে দক্ষিণ আফ্ৰিকাক সুদৃঢ় আৰম্ভণি কৰি প্ৰথম উইকেটত ৫৭ ৰান সংগ্ৰহ কৰে। বুমৰাহে ২৩ ৰান কৰা ৰিকেলটনক আউট কৰি অংশীদাৰিত্ব ভংগ কৰে। তাৰ পিছত বুমৰাহে মাৰ্কৰাম (৩১)ক আউট কৰে।

ইয়াৰ পিছতে নিয়মীয়াকৈ দক্ষিণ আফ্ৰিকাৰ উইকেট হ্ৰাস পাই থাকিল। মুঠ ১৫৯ ৰান সংগ্ৰহ কৰাৰ সময়ত বুমৰাহে কেশৱ মহাৰাজ (০০) এল বি ডব্লিউক আউট কৰি দক্ষিণ আফ্ৰিকাৰ প্ৰথম ইনিংছ শেষ কৰি মেচখনৰ পঞ্চমটো উইকেট দখল কৰে।

বুমৰাহৰ বাহিৰেও কুলদীপ যাদৱ আৰু মহম্মদ চিৰাজে দুটাকৈ উইকেট দখল কৰাৰ বিপৰীতে অক্ষৰ পেটেলে এটাকৈ উইকেট দখল কৰে।

দক্ষিণ আফ্ৰিকাৰ হৈ আইডেন মাৰ্ক্ৰামে সৰ্বাধিক ৩১ ৰান সংগ্ৰহ কৰাৰ বিপৰীতে মুল্ডাৰ আৰু টনি ডি জিঅৰ্জিয়ে ২৪ ৰানকৈ ৰান সংগ্ৰহ কৰে।

हिन्दुस्थान समाचार / অৰৱিন্দ


 rajesh pande