
বাক্সা, ১৪ নৱেম্বৰ(হি.স.)। বিভিন্ন প্ৰান্তৰ সমান্তৰাল ভাৱে বাক্সাৰ জালাহতো পালন হৈছে শিশু দিৱস । জালাহৰ অনন্ত একাডেমী ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলত এইবেলি ব্যতিক্ৰমী ধৰণে শিশু দিৱস পালন কৰা হৈছে । একাডেমী খনৰ ছাত্ৰ-ছাত্ৰীৰ মাজৰ পৰা সদনৰ অধ্যক্ষ, মুখ্যমন্ত্ৰী, গৃহমন্ত্ৰী, সাংস্কৃতিক মন্ত্ৰী, স্বাস্থ্য মন্ত্ৰীকে ধৰি বিভিন্ন দপ্তৰৰ মন্ত্ৰী সৃষ্টি কৰি সভা অনুষ্ঠিত কৰা হৈছে ।
ৰূপায়িত হৈছে ছাত্ৰ-ছাত্ৰীৰ জৰিয়তে সাংস্কৃতিক অনুষ্ঠানো । লগতে অনন্ত ডিফেঞ্চ ফ'ৰ্চ নামেৰে এটা ফ'ৰ্চ গঠন কৰি ব্যৱস্থাপনাৰ সকলো কাম নিয়াৰিকৈ চলোৱা পৰিলক্ষিত হৈছে । মন্ত্ৰীয়ে ভাষণত আগন্তুক দিনত শিক্ষানুষ্ঠানত গ্ৰহণ কৰিবলৈ ওলোৱা উন্নয়নমূলক কামৰ বিষয়েও দাঙি ধৰে । ব্যতিক্ৰমী প্ৰচেষ্টাৰ সকলোখিনি ব্যক্ত কৰে শিক্ষানুষ্ঠান খনৰ অধ্যক্ষ ডঃ ভৱেশ শৰ্মাই । লগতে সদনৰ অধ্যক্ষ হিচাপে সভা সঞ্চালনা কৰা নৱম শ্ৰেণীৰ ছাত্ৰী জিংকিমণি মজুমদাৰে সংবাদ মাধ্যমৰ আগত ব্যক্ত কৰে অনুষ্ঠানৰ সবিশেষ ।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা