ৰঙাপৰাত ৰেলৰ খুন্দাত এজন লোকৰ মৃত্যু
শোণিতপুৰ, ১৪ নৱেম্বৰ (হি.স.)। ৰঙাপৰাত ৰেলত খুন্দাত এজন লোকৰ মৃত্যু ৷ শোণিতপুৰৰ ৰঙাপৰাত ৰেলৰ খুন্দাত প্ৰাণ গ’ল এজনৰ ৷ ৰঙাপৰা -ডেকাৰগাঁৱ অভিমুখী যাত্ৰীবাহী ৰেলত খুন্দাত বৰছলাৰ বিশকুটি গাঁৱৰ কমৰুদ্দিন আলি নামৰ লোক নিহত হয় ৷ কালি ৰাতি পুৱাৰে পৰা সন্ধা
ৰঙাপৰাত ৰেলৰ খুন্দাত এজন লোকৰ মৃত্যু


শোণিতপুৰ, ১৪ নৱেম্বৰ (হি.স.)। ৰঙাপৰাত ৰেলত খুন্দাত এজন লোকৰ মৃত্যু ৷

শোণিতপুৰৰ ৰঙাপৰাত ৰেলৰ খুন্দাত প্ৰাণ গ’ল এজনৰ ৷ ৰঙাপৰা -ডেকাৰগাঁৱ অভিমুখী যাত্ৰীবাহী ৰেলত খুন্দাত বৰছলাৰ বিশকুটি গাঁৱৰ কমৰুদ্দিন আলি নামৰ লোক নিহত হয় ৷ কালি ৰাতি পুৱাৰে পৰা সন্ধানহীন হৈ আছিল লোকজন ৷ ৰঙাপৰাৰ ঠাকুৰবাৰী ৰেলৱে ষ্টেচনৰ কিছু নিলগত ৰেলপথৰ কাষৰ হাবিত উদ্ধাৰ হয় লোকজনৰ মৃত্যুদেহ ৷ স্থানীয় ৰাইজে লোকজনৰ মৃতদেহ প্ৰত্যক্ষ কৰাৰ পাছত ৰেলৱে আৰক্ষীক খবৰ দিয়ে ৷ ৰঙাপৰাৰ মুন্না আনচাৰীৰ মাটিত দীৰ্ঘদিন ধৰি খেতি-বাতি কৰি জীৱন নিবাহ কৰিছিল লোকজনে ৷

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande