
লণ্ডন, ১৪ নৱেম্বৰ (হি.স.)। পেনোৰামা তথ্যচিত্ৰ সম্পাদনা কৰাৰ বাবে খেদ প্ৰকাশ কৰি আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ ওচৰত ব্ৰিটিছ ব্ৰডকাষ্টিং কৰ্প’ৰেশ্যনে ক্ষমা বিচাৰিছে যদিও ক্ষতিপূৰণ দিবলৈ অস্বীকাৰ কৰিছে। এই বিতৰ্কৰ ফলত বিবিচিৰ সঞ্চালক প্ৰধান টিম ডেভি আৰু বিবিচি নিউজৰ মুৰব্বী ডেবৰা টাৰ্নেছে পদত্যাগ কৰিব লগা হৈছে।
দ্য ইণ্ডিপেণ্ডেণ্ট কাকতত প্ৰকাশিত এক বাতৰি অনুসৰি ট্ৰাম্পৰ অধিবক্তাই বিবিচিয়ে নিজৰ বক্তব্য প্ৰত্যাহাৰ নকৰিলে আৰু ক্ষমা নুখুজিলে ১ বিলিয়ন ডলাৰ (৭৬ কোটি পাউণ্ড) ক্ষতিপূৰণ বিচৰাৰ ভাবুকি দিছিল। বিবিচিয়ে দুখ প্ৰকাশ কৰিছে আৰু পেনোৰামা সংস্কৰণটো পুনৰ সম্প্ৰচাৰ নকৰাৰ বাবেও সন্মত হৈছে।
বিবিচিৰ এগৰাকী মুখপাত্ৰই কয় যে, দেওবাৰে লাভ কৰা পত্ৰখনৰ প্ৰতি আমাৰ অধিবক্তাই সঁহাৰি জনাইছে। বিবিচিৰ অধ্যক্ষ সমীৰ শ্বাহে হোৱাইট হাউছলৈ ব্যক্তিগত পত্ৰ প্ৰেৰণ কৰি ৰাষ্ট্ৰপতি ট্ৰাম্পক স্পষ্ট কৰি দিছে যে ২০২১ চনৰ ৬ জানুৱাৰীত দেখুওৱা ৰাষ্ট্ৰপতিগৰাকীৰ ভাষণ সম্পাদনা কৰাত তেওঁ আৰু নিগমে দুখ প্ৰকাশ কৰিছে।
তেওঁ কয়, বিবিচিৰ কোনো পৰিকল্পনা নাই যে ট্ৰাম্প: এ ছেকেণ্ড চান্স?
আমেৰিকাৰ নিৰ্বাচনৰ এসপ্তাহ পূৰ্বে প্ৰচাৰিত হৈছিল এই কাৰ্যসূচী। সম্পাদিত ক্লিপটোত ট্ৰাম্পে ৰাইজক কয়, আমি কেপিটেললৈ যাত্ৰা কৰিম আৰু মই আপোনালোকৰ লগত তাত থাকিম, আৰু আমি যুঁজিম। আমি মনে প্ৰাণে যুঁজ দিম। এনে সম্পাদনাৰ বাবে ক্ষুব্ধ হৈ বিবিচিৰ স্বতন্ত্ৰ উপদেষ্টা মাইকেল প্ৰেছকটে গ্ৰীষ্মকালত পদত্যাগ কৰে। লগতে বিবিচিক ব্যৱস্থাগত পক্ষপাতিত্বৰ অভিযোগ উত্থাপন কৰে।
हिन्दुस्थान समाचार / অৰৱিন্দ