অসম নাগালেণ্ড সীমান্ততৰ এটা নামঘৰত শংকৰী কলা কৃষ্টি বিকাশৰ সাধনা
যোৰহাট, ১২ নৱেম্বৰ (হি.স.)। আমাৰ পৃথিৱীখনত থকা কিছু লোকৰ ব্যক্তিত্ব আৰু চিন্তাই সমাজখনত ইতিবাচক প্ৰভাৱ পেলায়। কিন্তু প্ৰচাৰবিমুখতাৰ বাবে জীৱিতকালত এইসকল লোকৰ বিষয়ে জনাৰ সুযোগ পোৱা নাযায়। তেনে এগৰাকী ব্যক্তি হৈছে তিতাবৰ বান্দৰচলিয়া উচ্চতৰ মাধ্যমিক
অসম নাগালেণ্ড সীমান্ততৰ এটা নামঘৰত শংকৰী কলা কৃষ্টি বিকাশৰ সাধনা


যোৰহাট, ১২ নৱেম্বৰ (হি.স.)। আমাৰ পৃথিৱীখনত থকা কিছু লোকৰ ব্যক্তিত্ব আৰু চিন্তাই সমাজখনত ইতিবাচক প্ৰভাৱ পেলায়। কিন্তু প্ৰচাৰবিমুখতাৰ বাবে জীৱিতকালত এইসকল লোকৰ বিষয়ে জনাৰ সুযোগ পোৱা নাযায়।

তেনে এগৰাকী ব্যক্তি হৈছে তিতাবৰ বান্দৰচলিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰয়াত প্ৰধান শিক্ষক ডিমেশ্বৰ গগৈ। যাৰ নিৰলস প্ৰচেষ্টাত তিতাবৰৰ অসম- নগালেণ্ড সীমান্তৰ চৰকাৰী মাটি বেদখলৰ পৰা মুক্ত কৰি অনুষ্ঠান-প্ৰতিষ্ঠান গঢ় দিয়াৰ উপৰিও ভৱিষ্যত প্ৰজন্মৰ বাবে সুৰক্ষিত কৰি ৰাখিছিল।প্ৰয়াত গগৈয়ে বান্দচলিয়াত শংকৰী কলা-কৃষ্টি বিকাশৰ বাবে সংৰক্ষণ কৰি ৰখা চাৰিবিঘা ভূমিত মিৰ্মাণ কৰা নামঘৰতো সম্পূৰ্ণ হোৱাত আধ্যাত্মিক পৰিৱেশৰ মাজত আজি নাম-প্ৰসংগৰে মুকলি কৰে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande