
নলবাৰী, ১২ নৱেম্বৰ (হি.স.)। ধমধমাত সাংস্কৃতিক শোভাযাত্ৰাই মন মুহিলে সকলোৰে।
লুইত একাডেমী ধমধমাৰ ষষ্ঠ সংখ্যক বাৰ্ষিক অধিৱেশন উপলক্ষে আজি উলিওৱা হয় এক বিশাল সাংস্কৃতিক শোভাযাত্ৰা।
ধমধমা আঞ্চলিক কলেজৰ উপাধ্যক্ষ ড০ দিগন্ত ৰাজবংশীয়ে উদ্বোধন কৰা সাংস্কৃতিক শোভাযাত্ৰাটিত , শৰণীয়া কছাৰী জনগোষ্ঠী, বড়ো, মিচিং, আদি জনগোষ্ঠীৰ কৃষ্টি সমূহ প্ৰতিফলিত কৰাৰ অসমীয়াৰ বিহু, খেতিয়ক-ৰোৱনি, আয়তি, ওজাপালি, সত্ৰীয়া নৃত্য, ৰাসলীলা, দৰা-কইনা প্ৰদৰ্শন কৰা হয়।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু