অসম স্নাতক মহাবিদ্যালয় অনা - শিক্ষক কৰ্মচাৰী সন্থাৰ কৰ্মবিৰতি
মৰিগাঁও, ১২ নৱেম্বৰ (হি.স.)। অসম স্নাতক মহাবিদ্যালয় অনা - শিক্ষক কৰ্মচাৰী সন্থাৰ কৰ্মবিৰতি। সমগ্ৰ অসমৰ লগতে মৰিগাঁৱৰ ভূৰাগাঁৱতো স্নাতক মহাবিদ্যালয় অনা-শিক্ষক কৰ্মচাৰী সন্থাই কৰ্মবিৰতি পালন কৰে। ভূৰাগাঁও মহাবিদ্যালয় প্ৰাঙ্গনত কৰ্মচাৰী সকলেও লল
অসম স্নাতক মহাবিদ্যালয় অনা - শিক্ষক কৰ্মচাৰী সন্হাৰ কৰ্মবিৰতি।


মৰিগাঁও, ১২ নৱেম্বৰ (হি.স.)। অসম স্নাতক মহাবিদ্যালয় অনা - শিক্ষক কৰ্মচাৰী সন্থাৰ কৰ্মবিৰতি। সমগ্ৰ অসমৰ লগতে মৰিগাঁৱৰ ভূৰাগাঁৱতো স্নাতক মহাবিদ্যালয় অনা-শিক্ষক কৰ্মচাৰী সন্থাই কৰ্মবিৰতি পালন কৰে।

ভূৰাগাঁও মহাবিদ্যালয় প্ৰাঙ্গনত কৰ্মচাৰী সকলেও ললে কৰ্মবিৰতি। আজিৰ পৰা চাৰিদিনীয়া কাৰ্যসূচীৰে লোৱা হৈছে এই কৰ্মবিৰতিৰ কাৰ্য্যসূচী। ১৫ নৱেম্বৰলৈ চলিব অনা-শিক্ষক কৰ্মচাৰী সকলৰ কৰ্মবিৰতি। এবছৰৰ পাছতে চাকৰিৰ কাৰ্যকাল শেষ হব বহু কেইজন কৰ্মচাৰীৰ।

প্ৰাদেশীকৰণৰ সময়ত তিনিমাহৰ পাছতে চাকৰি নিয়মীয়া হব বুলি কৈছিল যদিও পাছ বছৰৰ পাছতো চাকৰি নিয়মীয়া নহ'ল ৩৩ খন মহাবিদ্যালয়ৰ ২৯৭ অনা শিক্ষক কৰ্মচাৰীৰ চাকৰি। ইয়াৰ পিছত ক্ষোভিত হৈ পৰিছে অনা শিক্ষক কৰ্মচাৰীসকল। ফলত আজি এনেদৰে এলানি প্ৰতিবাদী কাৰ্য্যসূচী ৰূপায়ণ কৰিছে সন্থাই।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande