মহিলাৰ সুৰক্ষা, মৰ্য্যদা আৰু সৱলীকৰণৰ লক্ষ্যৰে ৰাজ্যজুৰি এক সজাগতামূলক বাইক ৰেলী মহিলা আয়োগৰ
যোৰহাট, 1১২ নৱেম্বৰ (হি.স.)। অসম ৰাজ্যিক মহিলা আয়োগৰ ব্যতিক্ৰমী প্ৰয়াস । বিশ্বাস_যাত্ৰা''- মহিলাৰ সুৰক্ষা, মৰ্য্যদা আৰু সৱলীকৰণৰ লক্ষ্যৰে ৰাজ্যজুৰি এক সজাগতামূলক বাইক ৰেলী মহিলা আয়োগৰ। মহিলাৰ অধিকাৰ, সুৰক্ষা আৰু কল্যাণ নিশ্চিত কৰাৰ উদ্দেশ্য
মহিলাৰ সুৰক্ষা, মৰ্য্যদা আৰু সৱলীকৰণৰ লক্ষ্যৰে ৰাজ্যজুৰি এক সজাগতামূলক বাইক ৰেলী মহিলা আয়োগৰ


যোৰহাট, 1১২ নৱেম্বৰ (হি.স.)। অসম ৰাজ্যিক মহিলা আয়োগৰ ব্যতিক্ৰমী প্ৰয়াস । বিশ্বাস_যাত্ৰা'- মহিলাৰ সুৰক্ষা, মৰ্য্যদা আৰু সৱলীকৰণৰ লক্ষ্যৰে ৰাজ্যজুৰি এক সজাগতামূলক বাইক ৰেলী মহিলা আয়োগৰ।

মহিলাৰ অধিকাৰ, সুৰক্ষা আৰু কল্যাণ নিশ্চিত কৰাৰ উদ্দেশ্যেৰে অসম চৰকাৰৰ দ্বাৰা গঠিত বিধি সন্মত আৰু অৰ্ধ-ন্যায়িক সংস্থা অসম ৰাজ্যিক মহিলা আয়োগ (ASCW)-এ মহিলাৰ সুৰক্ষা, মৰ্য্যদা আৰু সৱলীকৰণৰ প্ৰচাৰ আৰু প্ৰসাৰ কৰাৰ উদ্দেশ্যেৰে ৰাজ্যজুৰি 'বিশ্বাস যাত্ৰা' নামৰ এক সজাগতামূলক বাইক ৰেলী বুধবাৰে গুৱাহাটীৰ পৰা জাগীৰোডত উপস্থিত হয় ।

এই 'বিশ্বাস যাত্ৰা' অৰ্জুন ভোগেশ্বৰ বৰুৱা ক্ৰীড়া প্ৰকল্প, গুৱাহাটীৰ পৰা ফ্লেগ অফ তথা শুভাৰম্ভনি হৈ মৰিগাঁও, নগাঁও, গোলাঘাট আৰু যোৰহাট জিলা অতিক্ৰম কৰি ১৫ নৱেম্বৰত এই যাত্ৰাৰ অন্ত পৰিব।

এই সমগ্ৰ ৰেলীটোৰ নেতৃত্ব দিয়ে মহিলা আয়োগ, অসমৰ সভানেত্ৰী আঙুৰলতা ডেকাই ।

'বিশ্বাস যাত্ৰা’ হৈছে ঐক্য, বিশ্বাস আৰু ব্যৱস্থা গ্ৰহণৰ এক আহ্বান। এই যাত্ৰাৰ মাধ্যমেৰে ৰাজ্যৰ প্ৰত্যেক জিলাৰ মহিলা সকলৰ কাষ চাপি, তেওঁলোকক নিজৰ অধিকাৰ সম্পৰ্কে সচেতন কৰা । ক'লে আঙুৰলতা ডেকাই ।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande