
কামৰূপ, ১২ নৱেম্বৰ (হি.স.)। কামৰূপৰ নগৰবেৰাত ভয়ংকৰ পথ দুৰ্ঘটনা। ছাত্ৰ ছাত্ৰী কঢ়িওৱা বাহন আৰু মালবাহী টাটা মেজিকৰ মাজত মুখামুখি সংঘৰ্ষৰ ফলত আহত হয় ১৪ জনকৈ শিক্ষাৰ্থী সহ মুঠ ১৫ জনকৈ লোক।
জানিব পৰা অনুসৰি এখন এ এছ ২৫ এ চি ২১৯০ নম্বৰৰ ছাত্ৰ ছাত্ৰী কঢ়িয়াই নিয়া টাটা মেজিক আৰু এখন এ এছ ১৩ এ চি ৪৩১৮ নম্বৰৰ মালবাহী টাটা মেজিকৰ সৈতে আজি পুৱা মুখামুখি সংঘৰ্ষ হোৱাৰ ফলতেই এই দুৰ্ঘটনা সংঘটিত হয়। নগৰবেৰা গাঁও পঞ্চায়ত কাৰ্যালয়ৰ সমীপতে নগৰবেৰা - শিমলীতোলা সংযোগী পথত সংঘটিত হয় এই দুৰ্ঘটনাটো। দুৰ্ঘটনাটোত নগৰবেৰাস্থিত দোকুচি আদৰ্শ বিদ্যালয়ৰ ১৪ জনকৈ ছাত্ৰ ছাত্ৰী কম বেছি পৰিমাণে আঘাতপ্ৰাপ্ত হয়। আহত সকলক ততাতৈয়াকৈ নগৰবেৰা স্বাস্থ্য কেন্দ্ৰত ভৰ্ত্তি কৰাই চিকিৎসা প্ৰদানৰ ব্যৱস্থা কৰা হয়।
আৰু বৰ্তমান ছাত্ৰ ছাত্ৰী সকল সংকটমুক্ত বুলি জানিব পৰা গৈছে। উল্লেখ্য যে, দুৰ্ঘটনা সংঘটিত কৰিয়েই মালবাহী টাটা মেজিক গাড়ীখনৰ চালকজন পলায়ন কৰে ঘটনাস্থলীৰ পৰা।মালবাহী গাড়ীখনৰ চালকজনে মোবাইলত কথা পাতি থাকোতেই নিয়ন্ত্ৰণ হেৰুৱাই খুন্দা মাৰে ছাত্ৰ ছাত্ৰী কঢ়িওৱা বাহন খনত আৰু যাৰ বাবেই এই দুৰ্ঘটনাটো সংঘটিত হোৱা বুলি প্ৰত্যক্ষদৰ্শীয়ে জানিবলৈ দিয়ে। এই ঘটনাই সমগ্ৰ অঞ্চলটোতে চাঞ্চল্যৰ সৃষ্টি কৰিছে।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু