
কামৰূপ, ০১ নৱেম্বৰ (হি.স.)। কামৰূপৰ ৰঙিয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত কেন্দুকোণা- বামুণগাওঁ অঞ্চলৰ অগ্ৰনী শিক্ষানুষ্ঠান জৱাহৰলাল নেহৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আজি নৱাগত আদৰণি সভা অনুষ্ঠিত হয়।
দিনযোৰা ভাবে অনুষ্ঠিত কাৰ্যসূচী সমুহৰ ভিতৰত বিদ্যালয়ৰ অধ্যক্ষৰ উদ্বোধনী ভাষন, অসম সংগীত, প্ৰয়াত শিল্পী জুবিন গাৰ্গ আৰু ডঃ ভূপেন হাজৰিকা দেৱৰ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান, সমবেত সংগীত পৰিবেশন, সংগীত অনুষ্ঠান, কৃতী ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা, প্ৰীতি সন্মিলন, নৃত্য অনুষ্ঠান আৰু সমূহীয়া ৰাষ্ট্ৰীয় সংগীত পৰিবেশনৰ দ্বাৰা অনুষ্ঠানৰ সামৰণি পৰে।
তদুপলক্ষে আয়োজিত এই অনুষ্ঠানত বিদ্যালয়ৰ অধ্যক্ষ সহিতে বিদ্যালয় পৰিচালনা আৰু উন্নয়ন সমিতিৰ সভাপতি কামিনী শালৈ, উপ-সভাপতি বীৰেন শৰ্মা, প্ৰাক্তন অধ্যক্ষ গোলোক মহন্ত, প্ৰাক্তন প্ৰধান শিক্ষক অৰুণ চন্দ্ৰ কলিতা, বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰী, কৰ্মচাৰী বৃন্দ, গাওঁ সদস্য পুতুল আলী আৰু ইকৰাম খানৰ লগতে অঞ্চলৰ বহু গণ্য-মান্য ব্যক্তি সকল উপস্থিত থাকে। অনুষ্ঠানৰ শেষত বিদ্যালয়ৰ অধ্যক্ষ চৈয়দ আব্দুল মালিক দেৱানে সকলোকে আন্তৰিক ধন্যবাদ জনাই সংবাদ মাধ্যমক সম্বোধন কৰি কেইবাটাও মন্তব্য প্ৰকাশ কৰে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ