
গোলাঘাট, ০১ নৱেম্বৰ (হি.স.)। বৃহৎ নদীবান্ধৰ বিৰুদ্ধে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ কলিয়াবৰ জিলা সমিতিয়ে আজি কলিয়াবৰৰ জখলাবন্ধাত পালন কৰে ৩ ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী। পূৰ্বৰে পৰা বৃহৎ নদীবান্ধৰ বিৰোধিতা কৰি অহা অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে ভৱিষ্যতলৈও বৃহৎ নদীবান্ধৰ বিৰোধিতা কৰি যাব বুলি সকীয়াই দিয়ে ছাত্ৰ সংগঠনটোৱে।
বৃহৎ নদীবান্ধৰ পৰিবৰ্তে বিকল্প পথ বাছনি কৰিব লাগে বুলিও দাবী জনায় ছাত্ৰ সংগঠনটোৱে। ২০১৫ চনলৈকে বৃহৎ নদীবান্ধৰ বিৰোধিতা কৰা বি জে পি দলে চৰকাৰ গঠনৰ পিছত বৃহৎ নদীবান্ধৰ সপক্ষে কাম কৰি অহা বুলিও অভিযোগ উত্থাপন কৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে। পৰীক্ষামূলক ভাবে আৰম্ভ কৰা ২৫০ মেগাৱাটৰ জলবিদ্যুৎ প্ৰকল্পৰ কাম শীঘ্ৰে বন্ধ কৰাৰ দাবী উত্থাপন কৰিলে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে। জীৱন আৰু জীৱিকাৰ প্ৰতি ভাবুকি কঢ়িয়াই অনা বৃহৎ নদীবান্ধৰ কাম শীঘ্ৰে বন্ধ কৰিবলৈ দাবী জনায় ছাত্ৰ সংগঠনটোৱে। অসম চৰকাৰ হায় হায়, হিমন্ত বিশ্ব শৰ্মা হায় ধ্বনিৰে পৰিৱেশ উত্তাল কৰি তোলে প্ৰতিবাদকাৰী সকলে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ