
গুৱাহাটী, ১১ নৱেম্বৰ (হি.স.)। অপহৰণ গোচৰত পলাতক হৈ থকা বীৰ লাচিত সেনাৰ সচিব বিকাশ অসমক গ্ৰেপ্তাৰ কৰিছে অসম আৰক্ষীয়ে। ধৃত বিকাশ অসম কামৰূপ জিলাৰ সচিব আছিল। তেওঁ বৰ্তমান দিছপুৰ আৰক্ষীৰ জিম্মাত আছে। তেওঁৰ বিৰুদ্ধে অপহৰণৰ গোচৰ ৰজু হোৱাৰ পিছৰে পৰা তেওঁ কিছুদিন ধৰি পলাতক হৈ আছিল।
অৱশ্যে অসমৰ হিয়াৰ আমঠু সংগীত শিল্পী জুবীন গাৰ্গৰ অন্তিম খন বোলছৱি ৰৈ ৰৈ বিনালে উপভোগ কৰি বিকাশ অসমে সামাজিক মাধ্যম ফেচবুকত উল্লেখ কৰে যে, তেওঁ আজি আৰক্ষীৰ ওচৰত আত্মসমৰ্পন কৰিব। ইতিমধ্যে একে অপহৰণৰ গোচৰত জৰিত থকাৰ অভিযোগত বীৰ লাচিত সেনাৰ পাঁচজন সদস্য আৰু বিষয়ববীয়া বৰ্তমান দিছপুৰ আৰক্ষীৰ জিম্মাত আছে।
উল্লেখ্য যে মহানগৰীত এজন ব্যক্তিক অপহৰণ কৰি বৃহৎ পৰিমাণৰ পণবন্দীৰ ধন দাবী কৰাৰ অভিযোগত অসম আৰক্ষীয়ে যোৱ ২৭ অক্টোৱৰত গ্ৰেপ্তাৰ কৰিছিল আঠজনকৈ বীৰ লাচিত সেনাৰ সদস্যক ৷ মহানগৰীত ৰাহুল মিশ্ৰ নামৰ এজন ব্যৱসায়ী প্ৰায় ১০-১৫জন অজ্ঞাত ব্যক্তিয়ে বৰবাৰী প্ৰতীক্ষা হাস্পতালৰ সমীপৰ পৰা আগদিনা অপহৰণ কৰি লৈ যায় । ৰাহুলৰ মুক্তিৰ বিনিময়ত ১৫-২০ লাখ টকা দাবী কৰিছিল । সেই খবৰ পোৱাৰ লগে লগে দিছপুৰ আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হয় আৰু তদন্ত আৰম্ভ কৰি বীৰ লাচিত সেনাৰ পাঁচজন সদস্যসহ আঠজন লোকক গ্ৰেপ্তাৰ কৰিছিল ।
হিন্দুস্থান সমাচাৰ / ৰমেন বৰ্মণ