
নতুন দিল্লী, ০১ নৱেম্বৰ (হি. স.)। উপ-ৰাষ্ট্ৰপতি চি.পি. ৰাধাকৃষ্ণনে ৩ নৱেম্বৰৰ পৰা ৪ নৱেম্বৰলৈ দুদিনীয়াকৈ কেৰালা ভ্ৰমণ কৰিব ।
উপ-ৰাষ্ট্ৰপতিৰ কাৰ্যালয়ে শনিবাৰে জাৰি কৰা এক বিবৃতি অনুসৰি,২০২৫ চনৰ ৩ নৱেম্বৰত উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে কোল্লামৰ ফাতিমা মাতা ৰাষ্ট্ৰীয় মহাবিদ্যালয়ৰ হীৰক জয়ন্তী উদযাপনত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিব। শৈক্ষিক উৎকৰ্ষতাৰ ৭৫ বছৰ উদযাপন কৰিছে মহাবিদ্যালয়খনে। একেদিনাই তেওঁ সমগ্ৰ দেশৰ সকলো কয়ৰ ( নাৰিকলৰ আহ) ৰপ্তানিকাৰক সংস্থাক প্ৰতিনিধিত্ব কৰা ফেডাৰেচন অৱ ইণ্ডিয়ান কয়াৰ এক্সপ’ৰ্টাৰ্ছ এছ’চিয়েশ্যনৰ সদস্যসকলৰ সৈতেও মত বিনিময় কৰিব।
অহা ৪ নৱেম্বৰত উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে ত্ৰিবেন্দ্ৰমৰ শ্ৰী চিত্ৰ তিৰুণাল ইনষ্টিটিউট ফৰ মেডিকেল ছায়েন্স এণ্ড টেকন’লজি পৰিদৰ্শন কৰিব। এই প্ৰতিষ্ঠানটো ভাৰত চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তি বিভাগৰ অধীনত উচ্চমানৰ ৰোগীৰ যত্ন, উদ্যোগিক গুৰুত্বৰ প্ৰযুক্তিগত বিকাশ, আৰু সামাজিক প্ৰাসংগিক স্বাস্থ্য গৱেষণাৰ ওপৰত গুৰুত্ব আৰোপ কৰা ৰাষ্ট্ৰীয় গুৰুত্বপূৰ্ণ প্ৰতিষ্ঠান।
हिन्दुस्थान समाचार / অৰৱিন্দ