সদ্য প্ৰয়াত শিল্পী চৈয়দ চাদুল্লাৰ ডিব্ৰুগড়ৰ বাসগৃহত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু সাংসদ প্ৰদ্যুত বৰদলৈ
ডিব্ৰুগড়, ০১নৱেম্বৰ (হি.স.)। সদ্য প্ৰয়াত শিল্পী চৈয়দ চাদুল্লাৰ বাসগৃহত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু সাংসদ প্ৰদ্যুত বৰদলৈ। সদ্য প্ৰয়াত বিশিষ্ট আনাঁতাৰ শিল্পী চৈয়দ ছাদ্দুলাৰ ডিব্ৰুগড়ৰ নালিয়াপুল স্থিত বাসগৃহত আজি উপস্থিত হয় কেন
সদ্য প্ৰয়াত শিল্পী চৈয়দ চাদুল্লাৰ ডিব্ৰুগড়ৰ বাসগৃহত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু সাংসদ প্ৰদ্যুত বৰদলৈ


ডিব্ৰুগড়, ০১নৱেম্বৰ (হি.স.)। সদ্য প্ৰয়াত শিল্পী চৈয়দ চাদুল্লাৰ বাসগৃহত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু সাংসদ প্ৰদ্যুত বৰদলৈ। সদ্য প্ৰয়াত বিশিষ্ট আনাঁতাৰ শিল্পী চৈয়দ ছাদ্দুলাৰ ডিব্ৰুগড়ৰ নালিয়াপুল স্থিত বাসগৃহত আজি উপস্থিত হয় কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোনোৱাল আৰু নঁগাৱৰ সাংসদ প্ৰদ্যুত বৰদলৈ। দুয়ো গৰাকী ৰাজনৈতিক নেতাই প্ৰয়াত শিল্পী গৰাকীক শ্ৰদ্ধাঞ্জলি জনোৱাৰ লগতে শোকস্তব্ধ পৰিয়ালটোক সাক্ষাৎ কৰি সমবেদনা জ্ঞাপন কৰে।

উল্লেখযোগ্য যে প্ৰয়াত চৈয়দ ছাদুল্লাৰ সৈতে সৰ্বানন্দ সোণোৱালৰ আছিল অতি আন্তৰিক আৰু ভাতৃ প্ৰতীম সম্বন্ধ। উক্ত বিষয়ে সুৱৰি শোক প্ৰকাশ কৰাৰ লগতে চৈয়দ ছাদুল্লাই কৰি যোৱা নেত্ৰ দান কাৰ্যক মহান কাৰ্য্য বুলি উল্লেখ কৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে।

একেদৰে কংগ্ৰেছৰ সাংসদ প্ৰদ্যুত বৰদলৈও চৈয়দ ছাদুল্লাৰ গুণৰাজিক স্মৰন কৰে।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande