
গুৱাহাটী, ০১ নৱেম্বৰ (হি.স.)। কেন্দ্ৰীয় নৱ আৰু নবীকৰণযোগ্য শক্তি আৰু গ্ৰাহক পৰিক্ৰমা, খাদ্য আৰু ৰাজহুৱা বিতৰণ মন্ত্ৰী প্ৰহ্লাদ যোশীয়ে শনিবাৰে ৰাজভৱনত অসমৰ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যক সৌজন্যমূলক সাক্ষাৎ কৰে।
কেন্দ্ৰীয় মন্ত্ৰী আৰু ৰাজ্যপালৰ মাজত বিভিন্ন বিষয়ত এক ফলপ্ৰসূ আলোচনা হয় । যোশীয়ে ৰাজ্যখনৰ গ্ৰাহক সুৰক্ষা, খাদ্য সুৰক্ষা আৰু ৰাজহুৱা বিতৰণ ব্যৱস্থা শক্তিশালী কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ কাৰ্যসূচীসমূহৰ বিষয়ে তথ্য প্ৰদান কৰে।
অসমত এই আঁচনিসমূহৰ ফলপ্ৰসূ ৰূপায়ণৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ সহায়ৰ শলাগ লৈ ৰাজ্যপালগৰাকীয়ে সাধাৰণ নাগৰিকে ইয়াৰ দ্বাৰা উপকৃত হোৱা বুলি উল্লেখ কৰে। ৰাজ্যখনত স্বচ্ছতা আৰু সুশাসন সুনিশ্চিত কৰিবলৈ কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ মাজত অবিৰত সমন্বয়ৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।
গ্ৰাহকৰ অধিকাৰ সজাগতা, ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ ডিজিটেলাইজেচন, খাদ্য সংৰক্ষণৰ আধুনিকীকৰণ আদি বিষয়সমূহো আলোচনা কৰা হয়। আন্তৰিক পৰিবেশত সভাৰ সামৰণি পৰে।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া