পশ্চিম কাৰ্বি আংলঙৰ উলুকুঞ্চিত অনুষ্ঠিত ১৮ সংখ্যক তিৱা লাংখোন উৎসৱৰ সামৰণি
পশ্চিম কাৰ্বি আংলং, ১১ নৱেম্বৰ (হি.স.)। পশ্চিম কাৰ্বি আংলঙৰ উলুকুঞ্চিত অনুষ্ঠিত ১৮ সংখ্যক তিৱা লাংখোন উৎসৱৰ যোৱা নিশা সামৰণি পৰে । কৃষকসকলে খেতিবাৰি চপোয়াৰ পিছত ভাল শষ্যৰ লগতে অঞ্চলটোত বসবাস কৰা সকলোৰে মঙ্গল কামনাৰে স্থানী দেৱ-দেৱতাক তিৱা লাংখান উ
পশ্চিম কাৰ্বি আংলঙৰ উলুকুঞ্চিত অনুষ্ঠিত ১৮ সংখ্যক তিৱা লাংখোন উৎসৱৰ সামৰণি


পশ্চিম কাৰ্বি আংলং, ১১ নৱেম্বৰ (হি.স.)। পশ্চিম কাৰ্বি আংলঙৰ উলুকুঞ্চিত অনুষ্ঠিত ১৮ সংখ্যক তিৱা লাংখোন উৎসৱৰ যোৱা নিশা সামৰণি পৰে । কৃষকসকলে খেতিবাৰি চপোয়াৰ পিছত ভাল শষ্যৰ লগতে অঞ্চলটোত বসবাস কৰা সকলোৰে মঙ্গল কামনাৰে স্থানী দেৱ-দেৱতাক তিৱা লাংখান উৎসৱৰ জৰিয়তে প্ৰাৰ্থনা হয় বুলি তিৱা জনগোষ্ঠীৰ ঐতিহ্যৰে পৰা বিশ্বাস কৰি আহিছে।

তিৱা সমাজৰ ঐতিহ্যৰে পৰা পৰম্পৰাগত লাংখোন প্ৰচলিত হৈ আছিল যদিও মুকলি মঞ্চৰ অভাৱত এই উৎসৱ সন্দৰ্ভত সকলোয়ে অৱগত নহয়। লগতে তিৱা সমাজৰ নৱপ্ৰজন্ময়ে নিজৰ ভাষা, কলা-সংস্কৃতি আৰু পৰম্পৰাগত সাজ পাৰ পৰা আঁতৰি আহিছে বুলি কাৰ্যবাহী সদস্য ডি উফি মাছলাইয়ে উদ্বেগ প্ৰকাশ কৰে।

জিলা তিৱা সংস্কৃতি সমিতিৰ উদ্যোগত দুদিনীয়া বৰ্ণিল কাৰ্যসূচীৰে অনুষ্ঠিত কৰা উৎসৱটিৰ সামৰণিত কাৰ্বি পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙ মুখ্য অতিথি হিচাপে উপস্থিত থাকি তিৱা লাংখোন উৎসৱস্থলীৰ বাবে আমৰি পৰিষদীয় সমষ্টিত কাৰ্বি পৰিষদে ১০০ বিঘা মাটিৰ আৱণ্টন দিয়াৰ ঘোষণা কৰে।

উক্ত উৎসৱত বৰ্হি ৰাজ্য মেঘালয় আৰু ত্ৰিপুৰাৰ প্ৰতিনিধিসকলৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰাও শিল্পীসকল যোগদান কৰে।

---------------

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande