
জেনেভা, ০১ নৱেম্বৰ (হি.স.)। বিদ্ৰোহী সশস্ত্ৰ বাহিনীৰ “ব্যাপক হত্যাকাণ্ড”ৰ বাবে চুডানত দ্ৰুতগতিত বৃদ্ধি পোৱা মানৱীয় সংকটক লৈ উদ্বেগ প্ৰকাশ কৰিছে ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ কাৰ্যালয়ে।
খবৰ অনুসৰি অক্টোবৰৰ শেষৰ ফালে আল-ফাছিৰ চহৰ দখল কৰাৰ পিছত চুডানত ৰেপিড চাপৰ্ট ফৰ্চে (আৰ এছ এফ) ব্যাপক হত্যাকাণ্ড সংঘটিত কৰিছে। কাৰ্যালয়টোৱে উল্লেখ কৰিছে যে তেওঁলোকৰ হাতত ইয়াৰ বিশ্বাসযোগ্য প্ৰতিবেদন আছে।
ৰাষ্ট্ৰসংঘৰ এজন বিষয়াই কয় যে, “চুডানত চলি থকা হিংসাত্মক পৰিস্থিতিৰ সময়ত পলায়ন কৰিবলৈ সক্ষম হোৱা লোকৰ পৰা আমি অসংখ্য ফটো পাইছো, য’ত আন্তঃৰাষ্ট্ৰীয় মানৱীয় আইনৰ গুৰুতৰ উলংঘাৰ কথা প্ৰকাশ পাইছে।”
চুডানত চৰকাৰী নিৰাপত্তা বাহিনী আৰু আৰ এছ এফৰ মাজত চলি থকা গৃহযুদ্ধই লাখ লাখ লোকক স্থানচ্যুত কৰিছে, আৰু অনাহাৰ আৰু চিকিৎসাৰ সুবিধাৰ অভাৱৰ বাবে পৰিস্থিতি অধিক ভয়াৱহ হৈ পৰিছে।
ইফালে, ৰাষ্ট্ৰসংঘই সকলো পক্ষকে এই হিংসা বন্ধ কৰি সাধাৰণ নাগৰিকক সুৰক্ষা দিবলৈ আহ্বান জনাইছে। ইয়াৰ বাবে তেওঁ আন্তঃৰাষ্ট্ৰীয় সমাজৰ পৰাও তাৎক্ষণিক সহায় বিচাৰিছে।
हिन्दुस्थान समाचार / অৰৱিন্দ