অহা ১৮ নবেম্বৰত জুবিন গাৰ্গৰ জন্ম দিনৰ দিনা বৰাকৰ এক হাজাৰ লোকে একেলগে জুবিন গাৰ্গৰ গীত গাব
কাছাৰ, ০১ নৱেম্বৰ (হি.স.)। অহা ১৮ নবেম্বৰত জুবিন গাৰ্গৰ জন্ম দিনৰ দিনা বৰাকৰ এক হাজাৰ লোকে একেলগে জুবিন গাৰ্গৰ গীত গাব। অহা ১৮ নবেম্বৰত অসম বাসীৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ জন্মদিন। প্ৰাণৰ শিল্পী গৰাকীৰ জন্মদিনটো পালন কৰিবলৈ ব্যাপক আয়োজন কৰিছে বৰাক
অহা ১৮ নবেম্বৰত জুবিন গাৰ্গৰ জন্ম দিনৰ দিনা বৰাকৰ এক হাজাৰ লোকে একেলগে জুবিন গাৰ্গৰ গীত গাব


কাছাৰ, ০১ নৱেম্বৰ (হি.স.)। অহা ১৮ নবেম্বৰত জুবিন গাৰ্গৰ জন্ম দিনৰ দিনা বৰাকৰ এক হাজাৰ লোকে একেলগে জুবিন গাৰ্গৰ গীত গাব। অহা ১৮ নবেম্বৰত অসম বাসীৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ জন্মদিন। প্ৰাণৰ শিল্পী গৰাকীৰ জন্মদিনটো পালন কৰিবলৈ ব্যাপক আয়োজন কৰিছে বৰাকৰ শিল্পী সমাজ আৰু জুবিন অনুৰাগী সকলে।

সিদিনা থাউজেণ্ড ভয়চেছ অফ জুবিন গাৰ্গ অৰ্থাৎ হাজাৰ কন্ঠে জুবিন শীৰ্ষক এক অনুষ্ঠানৰো আয়োজন কৰিছে বৰাকৰ শিল্পী সমাজে । প্ৰাণৰ শিল্পী গৰাকীক শ্ৰদ্ধাঞ্জলি জনাবলৈ জুবিন গাৰ্গৰ জন্মদিনৰ দিনা শিলচৰ জিলা ক্ৰীড়া সন্থাৰ খেল পথাৰত একেলগে এক হাজাৰ লোকে জুবিন গাৰ্গৰ গীত পৰিবেশন কৰিব। অনুষ্ঠানত ভাৰত কন্ঠ তথা বিশিষ্ট কন্ঠশিল্পী দেবজিত সাহাইও শিল্পী সকলৰ সৈতে একেলগে গীত গাব। সামাজিক মাধ্যমত নিজেই এই কথা সদৰী কৰিছে দেৱজিৎ সাহাই।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande