
মুম্বাই, ০১ নৱেম্বৰ (হি.স.)। প্ৰবীণ অভিনেতা ধৰ্মেন্দ্ৰ শেহতীয়াকৈ চিকিৎসালয়ত ভৰ্তি হোৱাৰ ফলত তেওঁৰ অনুৰাগীসকলৰ মাজত উদ্বেগ সৃষ্টি হৈছে। বলীউডৰ এই প্ৰিয় তাৰকাগৰাকীৰ স্বাস্থ্য সন্দৰ্ভত বিভিন্ন জল্পনা-কল্পনাৰ সৃষ্টি হৈছিল যদিও তেওঁৰ ঘনিষ্ঠ সূত্ৰই এতিয়া নিশ্চিত কৰিছে যে কোনো চিন্তাৰ কাৰণ নাই।
যোৱা ৩১ অক্টোবৰত মুম্বাইৰ ব্ৰিচ কেণ্ডি হাস্পতালত ভৰ্তি কৰোৱা হৈছিল ৮৯ বছৰীয়া ধৰ্মেন্দ্ৰক। চিকিৎসালয়ৰ সূত্ৰই জনোৱা মতে, অভিনেতাগৰাকীয়ে উশাহ লোৱাত অসুবিধা অনুভৱ কৰিছিল, যাৰ বাবে তেওঁক তৎক্ষণাত আই চি ইউত ভৰ্তি কৰা হৈছিল। চিকিৎসালয়ৰ এজন কৰ্মচাৰীৰ মতে, ধৰ্মেন্দ্ৰ জীৰ অৱস্থা সুস্থিৰ। তেওঁক অহৰহ চিকিৎসা পৰ্যবেক্ষণ কৰা হৈছে। অতিৰিক্ত পৰীক্ষা চলি আছে, গতিকে তেওঁক আপাততঃ চিকিৎসালয়ত থাকিবলৈ পৰামৰ্শ দিয়া হৈছে। অৱশ্যে এতিয়াও ডিচচাৰ্জৰ তাৰিখ নিৰ্ধাৰণ কৰা নাই চিকিৎসকে।
অনুৰাগীৰ ধৰ্মেন্দ্ৰৰ প্ৰতি প্ৰাৰ্থনা
অহা মাহৰ ৮ ডিচেম্বৰত ধৰ্মেন্দ্ৰৰ ৯০ সংখ্যক জন্মদিন। চিকিৎসালয়ত ভৰ্তি হোৱাৰ খবৰে তেওঁৰ অনুৰাগীৰ উদ্বিগ্নতা বৃদ্ধি কৰিছে। অনুৰাগীসকলে ছ’চিয়েল মিডিয়াত তেওঁৰ আশু আৰোগ্যৰ বাবে অহৰহ প্ৰাৰ্থনা কৰি আছে। স্বাস্থ্যজনিত সমস্যাৰ বাবে এইটোৱেই প্ৰথম নহয় যে ধৰ্মেন্দ্ৰই চিকিৎসালয়লৈ যাবলগীয়া হৈছে।
পুনৰ পৰ্দাত দেখা যাব ধৰ্মেন্দ্ৰক
ৱৰ্ক ফ্ৰণ্টত ধৰ্মেন্দ্ৰক শেষবাৰৰ বাবে দেখা গৈছিল শ্বাহিদ কাপুৰ আৰু কৃতি ছানন অভিনীত তেৰী বাটো মে এইছা উলজা জিয়া ছবিখনত। ইয়াৰ পূৰ্বে তেওঁ ৰকি ঔৰ ৰাণী কী প্ৰেম কাহানি ছবিত অভিনয় কৰি দৰ্শকৰ হৃদয় জয় কৰিছিল। এতিয়া তেওঁক পৰিচালক শ্ৰীৰাম ৰাঘৱনৰ আগন্তুক ছবি একৈশত দেখা যাব। ছবিখনত অমিতাভ বচ্চনৰ নাতি অগস্ত্য নন্দই মুখ্য চৰিত্ৰত অভিনয় কৰাৰ বিপৰীতে অক্ষয় কুমাৰৰ ভতিজী ছিমাৰ ভাটিয়াই বলীউডত অভিষেক ঘটাব। অনুৰাগীসকলে আশা কৰিছে যে ধৰ্মেন্দ্ৰ অতি সোনকালে চিকিৎসালয়ৰ পৰা ঘৰলৈ উভতি আহি নিজৰ একেটা পুৰণি হাঁহিৰে ডাঙৰ পৰ্দালৈ উভতি আহিব।
हिन्दुस्थान समाचार / অৰৱিন্দ