
ডোডোমা, (তাঞ্জানিয়া), ০১ নৱেম্বৰ, (হি.স.)। তাঞ্জানিয়াৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ ফলাফল শনিবাৰে পুৱা আনুষ্ঠানিক ভাৱে ঘোষণা কৰা হৈছে। সেই অনুসৰি ৰাষ্ট্ৰপতি চামিয়া সুলুহু হাছানে ব্যাপক ব্যৱধানত জয়ী হৈছে। কিন্তু বিৰোধী দলসমূহে অভিযোগ উত্থাপন কৰিছে যে এই নিৰ্বাচন প্ৰতিদ্বন্দ্বিতা নহয় বৰঞ্চ ৰাষ্ট্ৰপতি হাছানৰ ৰাজ অভিষেক অনুষ্ঠান আছিল।
প্ৰতিবেদন অনুসৰি তেওঁ ৯৭%তকৈ অধিক ভোট লাভ কৰে, যিটো অভিলেখ। কিন্তু হাছানৰ মূল প্ৰতিদ্বন্দ্বী দুগৰাকী প্ৰাৰ্থীক নিৰ্বাচনত অৱতীৰ্ণ হোৱাত বাধা দিয়াৰ ফলত সৰু দলৰ মাত্ৰ ১৬ জন প্ৰাৰ্থীৰ সন্মুখীন হ’বলগীয়া হ’ল।
ইফালে ২৯ অক্টোবৰত অনুষ্ঠিত হোৱা নিৰ্বাচনত ব্যাপক হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি হোৱাৰ লগতে কেইবাজনো লোকৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে। কেইবাখনো চহৰত প্ৰতিবাদকাৰীয়ে নিৰ্বাচনক একপক্ষীয় আখ্যা দি ৰাজপথলৈ ওলাই আহি ভোটগণনা বন্ধ কৰাৰ চেষ্টা কৰে। আৰক্ষীক সহায়ৰ বাবে মোতায়েন কৰা হৈছে সেনা।
ইফালে হিংসাত্মক ঘটনাত নিহত বা আহত হোৱা লোকৰ সংখ্যা কৰ্তৃপক্ষই প্ৰকাশ কৰা নাই। অৱশ্যে শুকুৰবাৰে জেনেভাত ভিডিঅ’ৰ জৰিয়তে ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ কাৰ্যালয়ৰ মুখপাত্ৰ ছেইফ মাগাংগোৱে নিশ্চিত কৰে যে বাণিজ্যিক ৰাজধানী দাৰ এছ চালাম, শ্বিনয়াংগা আৰু মৰোগোৰোত ১০ জন লোকৰ মৃত্যু হৈছে।
খবৰ অনুসৰি, দেশৰ সৰ্ববৃহৎ বিৰোধী দল চাদেমাৰ নেতা টুণ্ডু লিছু কেইবামাহো ধৰি কাৰাগাৰত বন্দী হৈ আছে। নিৰ্বাচনী সংস্কাৰৰ দাবীত দেশদ্ৰোহৰ অভিযোগ। আন এজন বিৰোধী নেতা এচিটি-ৱাজালেণ্ডো গোটৰ লুহাগা ম্পিনাক নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ পৰা বাধা প্ৰদান কৰা হয়।
তাঞ্জানিয়াৰ শাসকীয় চামা চা মাপিণ্ডুজি বা চিচিএম দলটোৱে দশক দশক ধৰি ক্ষমতা দখল কৰি থকাৰ বিপৰীতে বিৰোধী দলৰ নেতাসকলে এইবাৰ ৰাজনৈতিক পৰিৱৰ্তনৰ আশা কৰিছিল।
হাছানে নিজৰ ৰাজনৈতিক বিৰোধীসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে, তেওঁলোকক জেললৈ পঠিয়াইছে বা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাত বাধা দিছে।
দেশখনত এক্স (পূৰ্বৰ টুইটাৰ) আৰু তাঞ্জানিয়াৰ ডিজিটেল প্লেটফৰ্ম জামিয়া ফ’ৰামছ নিষিদ্ধ। তেওঁলোকৰ বিৰুদ্ধে মাত মতাসকলক ভাবুকি বা গ্ৰেপ্তাৰৰ জৰিয়তে নীৰৱ কৰি ৰখা হৈছে।
১৯৬১ চনত ব্ৰিটেইনৰ পৰা দেশখন স্বাধীন হোৱাৰ পিছৰে পৰা ক্ষমতাত থকা চীনৰ কমিউনিষ্ট পাৰ্টিৰ সৈতে শাসকীয় চিচিএম দলৰ সম্পৰ্ক আছে।
हिन्दुस्थान समाचार / অৰৱিন্দ