
গোলাঘাট, ০১ নৱেম্বৰ (হি.স.)। দেশী বিদেশী পৰ্যটকৰ বাবে আজিৰে পৰা মুকলি হ'ল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বাগৰি বনাঞ্চলত হাতী চাফাৰী। বহু কেইগৰাকী বিদেশী পৰ্যটকৰ উপস্থিতিত আজি মুকলি কৰা হয় বাগৰি বনাঞ্চলৰ এই পৰিদৰ্শন ব্যৱস্থা। হাতী চাফাৰীৰ জৰিয়তে কাজিৰঙাৰ জীৱকূলক অতি কাষৰে পৰা দৰ্শন কৰাৰ সুবিধা লাভ কৰিব পাৰে বুলি মন্তব্য প্ৰদান কৰে উদ্যান খনৰ সঞ্চালক সোণালী ঘোষে।
উল্লেখ্য যে ২০২৫-২৬ পৰ্যটন বৰ্ষৰ বাবে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বাগৰি বনাঞ্চল যোৱা ২৬ ছেপ্টেম্বৰত পৰ্যটকৰ বাবে মুকলি কৰা হৈছিল যদিও উদ্যানখনৰ বাট-পথসমূহ জীপ ছাফাৰীৰ বাবে সম্পূৰ্ণ উপযোগী হৈ নুঠাত কিছু অসুবিধাৰ সন্মুখীন হৈছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষ । যাৰ বাবে পৰ্যায়ক্ৰমে বনাঞ্চলসমূহ দৰ্শনাৰ্থীৰ বাবে মুকলি কৰিছিল কৰ্তৃপক্ষই । সেইদৰে ১ নৱেম্বৰত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত দৰ্শনাৰ্থীয়ে হাতী ছাফাৰীৰ সুবিধা লাভ কৰিব বুলি উদ্যান কৰ্তৃপক্ষই সদৰি কৰিছিল ।
আনহাতে ২০২৫-২৬ পৰ্যটন বৰ্ষৰ বাবে ৮ অক্টোবৰত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অন্তৰ্গত কঁহৰা আৰু বাগৰি বনাঞ্চলৰ লগতে পৰ্যটকৰ বাবে মুকলি কৰা হয় 'লেণ্ড অফ বিগ ফাইভ এনিমেল' খ্যাত বুঢ়াপাহাৰ বনাঞ্চল ।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু