শ্ৰীকাকুলামৰ থেলা হেঁচা ঘটনাৰ বাবে ৰাষ্ট্ৰপতি, উপ-ৰাষ্ট্ৰপতিৰ দুখ প্ৰকাশ, প্ৰধানমন্ত্ৰীৰ সাহায্য ঘোষণা
নতুন দিল্লী, ০১ নৱেম্বৰ (হি.স.)। ৰাষ্ট্ৰপতি, উপ-ৰাষ্ট্ৰপতি তথা প্ৰধানমন্ত্ৰীয়ে অন্ধ্ৰপ্ৰদেশৰ শ্ৰীকাকুলামৰ ভেংকটেশ্বৰ স্বামী মন্দিৰত সংঘটিত হোৱা থেলা হেঁচাৰ ঘটনাৰ বাবে দুখ প্ৰকাশ কৰিছে । প্ৰধানমন্ত্ৰীয়ে আহতসকলক ক্ষতিপূৰণ দিয়াৰ কথা ঘোষণা কৰিছে। শ
srikakulam


নতুন দিল্লী, ০১ নৱেম্বৰ (হি.স.)। ৰাষ্ট্ৰপতি, উপ-ৰাষ্ট্ৰপতি তথা প্ৰধানমন্ত্ৰীয়ে অন্ধ্ৰপ্ৰদেশৰ শ্ৰীকাকুলামৰ ভেংকটেশ্বৰ স্বামী মন্দিৰত সংঘটিত হোৱা থেলা হেঁচাৰ ঘটনাৰ বাবে দুখ প্ৰকাশ কৰিছে । প্ৰধানমন্ত্ৰীয়ে আহতসকলক ক্ষতিপূৰণ দিয়াৰ কথা ঘোষণা কৰিছে।

শোক বাৰ্তাত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে কয় যে অন্ধ্ৰপ্ৰদেশৰ শ্ৰীকাকুলামৰ শ্ৰী ভেংকটেশ্বৰ স্বামী মন্দিৰত সংঘটিত হোৱা শোকাৱহ ঘটনাত প্ৰাণ-সম্পত্তি হেৰুওৱাৰ কথা জানিব পাৰি তেওঁ স্তম্ভিত হৈ পৰিছে। শোকসন্তপ্ত পৰিয়াললৈ গভীৰ সমবেদনা জ্ঞাপন কৰাৰ লগতে আহতসকলৰ আশু আৰোগ্য লাভৰ বাবে প্ৰাৰ্থনা জনায়।

উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে কাছিবুগ্গা মন্দিৰত হোৱা ঘটনাক মৰ্মান্তিক বুলি অভিহিত কৰে। তেওঁ টুইটাৰত লিখিছে, অন্ধ্ৰ প্ৰদেশৰ শ্ৰীকাকুলাম জিলাৰ কাছিবুগ্গাৰ শ্ৰী ভেংকটেশ্বৰ স্বামী মন্দিৰত সংঘটিত হোৱা কৰুণ থেলা হেঁচাৰ ঘটনাত মই গভীৰভাৱে ব্যথিত হৈছো। এই দুৰ্ভাগ্যজনক ঘটনাত প্ৰাণ হেৰুওৱাটো গভীৰভাৱে মৰ্মান্তিক। শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ মোৰ আন্তৰিক সমবেদনা আৰু আহতসকলৰ শীঘ্ৰে আৰোগ্যৰ বাবে প্ৰাৰ্থনা জনাইছো।

ইফালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দুখ আৰু সমবেদনা প্ৰকাশ কৰি কয় যে ৰাষ্ট্ৰীয় সাহায্য পুঁজিৰ পৰা মৃতকৰ পৰিয়ালক ২ লাখ টকাকৈ এককালিন সহায়তা দিয়া হ’ব। আহতসকলক ৫০ হেজাৰকৈ টকা দিয়া হ’ব ।

हिन्दुस्थान समाचार / অৰৱিন্দ


 rajesh pande