ৰৈ ৰৈ বিনালে চাবলৈ বিহপুৰীয়াৰ প্ৰেৰণা চিনেমা হল দ্বিতীয় দিনাও দৰ্শকেৰে থাহ খাই পৰিল
লক্ষীমপুৰ, ০১নৱেম্বৰ (হি.স.)। বিহপুৰীয়াৰ প্ৰেৰণা চিনেমা হলত দ্বিতীয় দিনাও ৰৈ ৰৈ বিনালে চালে আবাল বৃদ্ধ বনিতাই ৷ প্ৰাণৰ শিল্পী গৰাকীৰ অন্তিম খন চলচ্চিত্ৰ চাই আবেগিক হৈ পৰিল সকলো। পুত্ৰৰ জৰিয়তে জুবিন গাৰ্গৰ লগত আত্মীয়তা গঢ়ি উঠা এগৰাকী আইতাও আহিল ৰৈ
ৰৈ ৰৈ বিনালে চাবলৈ বিহপুৰীয়াৰ প্ৰেৰণা চিনেমা হল দ্বিতীয় দিনাও দৰ্শকেৰে থাহ খাই পৰিল


লক্ষীমপুৰ, ০১নৱেম্বৰ (হি.স.)। বিহপুৰীয়াৰ প্ৰেৰণা চিনেমা হলত দ্বিতীয় দিনাও ৰৈ ৰৈ বিনালে চালে আবাল বৃদ্ধ বনিতাই ৷ প্ৰাণৰ শিল্পী গৰাকীৰ অন্তিম খন চলচ্চিত্ৰ চাই আবেগিক হৈ পৰিল সকলো। পুত্ৰৰ জৰিয়তে জুবিন গাৰ্গৰ লগত আত্মীয়তা গঢ়ি উঠা এগৰাকী আইতাও আহিল ৰৈ ৰৈ বিনালে চাবলৈ৷

ইপিনে আজিৰ দিনটোত বিহপুৰীয়া আৰু নাৰায়ণপুৰৰ দুটাকৈ চিনেমা হ’লত সমাজকৰ্মী নাৰায়ণ ভূঞা ওৰফে ৰাম ভূঞাই বিহপুৰীয়া নাৰায়ণপুৰৰ এক হাজাৰ (১০০০) দৰিদ্ৰ লোকক বিনামূলীয়াকৈ চিনেমা খন চোৱাৰ সুযোগ প্ৰদান কৰে ৷ ভূঞাৰ এই কাৰ্যত সকলোৱে প্ৰশংসা কৰিছে ৷

উল্লেখযোগ্য যে অহা ১০ নবেম্বৰলৈকে সকলো দৰ্শনী পূৰ্ণ হৈছে ৷ অসমৰ হিয়াৰ আমঠু সংগীত শিল্পী জুবীন গাৰ্গৰ অন্তিম খন বোলছৱি ৰৈ ৰৈ বিনালে

ৰাইজৰ পৰা বিপুল সহাৰি লাভ কৰিব সক্ষম হৈছে।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande