
চিৰাং, ০১ নৱেম্বৰ (হি.স.)। বিজনীৰ দাৱাগুৰিত গৰু চুৰি সন্দেহত সংঘটিত হৈছে মৰেল পুলিচিঙৰ ঘটনা। সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে মৰেল পুলিচিঙৰ ভিডিঅ'। গৰু চুৰিৰ সন্দেহত পাচঁজন যুৱকক হাত বান্ধি গুৰুলা গুৰুলকৈ প্ৰহাৰ কৰে গাঁৱৰ একাংশ লোকে। পিছত ঘটনাস্থলীত বিজনীৰ আৰক্ষী উপস্থিত হৈ যুৱক কেইজনক উদ্ধাৰ কৰি কাজলগাঁও চিকিৎসালয়লৈ প্ৰেৰণ কৰে।
পাঁচ জন যুৱকৰ ভিতৰত দেওতাৰী নিবাসী ছানিদুল ইছলাম নামৰ যুৱক জনৰ অৱস্থা সংকটজনক হোৱাৰ বাবে বৰপেটা চিকিতসা মহাবিদ্য়ালয় হস্পিটাললৈ প্ৰেৰণ কৰে। পৰৱৰ্তী যুৱক জনৰ স্বাস্থ্যৰ অতি অৱনতি হোৱাত বৰপেটা মেডিকেল কলেজৰ পৰা উন্নত চিকিৎসাৰ বাবে গুৱাহাটী জিএমচিএইছ লৈ প্ৰেৰণ কৰে। অৱশেষত গুৱাহাটী চিকিতসা মহাবিদ্য়ালয় হস্পিতালত চিকিৎসাধীন অৱস্থাত মৃত্যু হয় যুৱকজন। উক্ত ঘটনাক কেন্দ্ৰ কৰি অঞ্চলজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।
ঘটনা সংক্ৰান্তত ছানিদুল ইছলামৰ পৰিয়ালে পাণবাৰী থানাত দিয়া এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে এক গোচৰ ৰুজু কৰি মডেল পুলিচিঙৰ সৈতে জড়িত থকা তিনিজন যুৱকক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা