
পেৰিছ, ০১ নৱেম্বৰ (হি.স.)। পেৰিছ মাষ্টাৰছৰ কোৱাৰ্টাৰ ফাইনেলত আমেৰিকান বেন শ্বেলটনক পৰাস্ত কৰি ইটালীৰ টেনিছ তাৰকা জানিক ছিনাৰে বিশ্বৰ ১ নং ৰেংকিঙৰ দিশে আৰু এখোজ আগুৱাই লৈ যায়। শুকুৰবাৰে ছিনাৰে ৬-৩, ৬-৩ ব্যৱধানত জয়লাভ কৰি এতিয়া ছেমিফাইনেলত ডিফেণ্ডিং চেম্পিয়ন আলেকজেণ্ডাৰ ঝভেৰেভৰ বিৰুদ্ধে খেলিব।
এইটোৱেই হৈছে ছিনাৰৰ একেৰাহে ২৪ সংখ্যক ইনড’ৰ হাৰ্ডক’ৰ্ট জয়। পেৰিছত যদি তেওঁ খিতাপ দখল কৰে তেন্তে স্পেইনৰ কাৰ্লোছ আলকাৰাজক চেৰ পেলাই তেওঁ পুনৰ বিশ্বৰ ১ নং খিতাপ দখল কৰিব।
মেচৰ পিছত ছিনাৰে কয় যে, মই এতিয়া ৰেংকিঙৰ কথা ভবা নাই। প্ৰতিটো দিনেই এটা নতুন প্ৰত্যাহ্বান, আৰু মই কেৱল মোৰ খেলত মনোনিৱেশ কৰিছো।
২৪ বছৰীয়া ছিনাৰে ছিজনৰ পঞ্চমটো খিতাপ জয়ৰ পথত আগবাঢ়িছে। ইয়াৰ পূৰ্বে তেওঁ অষ্ট্ৰেলিয়ান অ’পেন, উইম্বলডন, চাইনা অ’পেন, ভিয়েনা অ’পেনত জয়ী হৈছিল। শ্বেল্টনৰ বিৰুদ্ধে ছিনাৰে একেৰাহে সপ্তমবাৰৰ বাবে জয়লাভ কৰাৰ বিপৰীতে ঝভেৰেভৰ বিৰুদ্ধেও যোৱা তিনিখন মেচত জয়লাভ কৰিছে।
আনহাতে, তৃতীয় ছিড জাৰ্মানীৰ আলেকজেণ্ডাৰ ঝভেৰেভে ডেনিল মেডভেডেভক ২-৬, ৬-৩, ৭-৬ (৫) ব্যৱধানত পৰাস্ত কৰি ছেমিফাইনেলত প্ৰৱেশ কৰে। তৃতীয় ছেটত দুটা মেচ পইণ্ট ৰক্ষা কৰি মেডভেডেভৰ বিৰুদ্ধে একেৰাহে পাঁচটা পৰাজয়ৰ ধাৰাবাহিকতা ভংগ কৰি ঝভেৰেভে উল্লেখযোগ্য প্ৰত্যাৱৰ্তন ঘটায়।
ইয়াৰ পূৰ্বে কাজাখস্তানৰ আলেকজেণ্ডাৰ বুবলিকে এলেক্স ডি মিনাউৰক পৰাস্ত কৰি কেৰিয়াৰৰ প্ৰথমটো মাষ্টাৰছ ১০০০ ছেমিফাইনেলত প্ৰৱেশ কৰে।
हिन्दुस्थान समाचार / অৰৱিন্দ