
নতুন দিল্লী, ০১ নৱেম্বৰ : বৈদেশিক পৰিক্ৰমা আৰু বস্ত্ৰশিল্পৰ ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই ৪ নৱেম্বৰৰ পৰা ১০ নৱেম্বৰলৈ লেটিন আমেৰিকা আৰু কেৰিবিয়ান অঞ্চলৰ তিনিখন দেশ ইকুৱেডৰ, বলিভিয়া আৰু কিউবা ভ্ৰমণ কৰিব। তেওঁ বাণিজ্য, প্ৰযুক্তি, পৰ্যটন, উন্নয়ন সহযোগিতা আৰু সামৰ্থ্য বিকাশৰ ব্যৱস্থাকে ধৰি দ্বিপাক্ষিক সম্পৰ্কৰ অগ্ৰগতি পৰ্যালোচনা কৰিব। লগতে ব্যৱসায়ী সমাজ আৰু ভাৰতীয় সমাজৰ প্ৰতিনিধিৰ সৈতেও মত বিনিময় কৰাৰ কথা।
বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ তথ্য অনুসৰি ইকুৱেডৰ ভ্ৰমণৰ সময়ত ৰাজ্য মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই কুইটোত আৱাসী ভাৰতীয় মিছন স্থাপনৰ প্ৰস্তুতিৰ পৰ্যালোচনা কৰিব। বলিভিয়া ভ্ৰমণৰ সময়ত মাৰ্ঘেৰিটাই ৮ নৱেম্বৰত প্ৰশাসনিক ৰাজধানী লা পাজত বলিভিয়াৰ নৱনিৰ্বাচিত ৰাষ্ট্ৰপতিৰ শপত গ্ৰহণ অনুষ্ঠানত ভাৰত চৰকাৰক প্ৰতিনিধিত্ব কৰিব। কিউবাত মন্ত্ৰীগৰাকীয়ে স্বাস্থ্য আৰু চিকিৎসা, ডিজিটেল ৰাজহুৱা আন্তঃগাঁথনি, আৰু সামৰ্থ্য বিকাশকে ধৰি দ্বিপাক্ষিক সম্পৰ্ক শক্তিশালী কৰাৰ বিষয়ে চৰ্চা কৰিব।
পবিত্ৰ মাৰ্ঘেৰিটাৰ এই ভ্ৰমণৰ উদ্দেশ্য হৈছে ইকুৱেডৰ, বলিভিয়া আৰু কিউবাৰ সৈতে আমাৰ ৰাজনৈতিক সংযোগৰ গতি অব্যাহত ৰখা আৰু এই দেশসমূহৰ সৈতে ভাৰতৰ দীৰ্ঘদিনীয়া আৰু বন্ধুত্বপূৰ্ণ সম্পৰ্কক প্ৰসাৰ কৰা, যিয়ে দক্ষিণ-দক্ষিণ সহযোগিতা আৰু উন্নয়নৰ প্ৰতি পাৰস্পৰিক দায়বদ্ধতাক প্ৰতিফলিত কৰে।
हिन्दुस्थान समाचार / অৰৱিন্দ