জনজাতিকৰণৰ দাবীত চৰাইদেউ জিলা আয়ুক্তৰ কাৰ্য্যলয়ৰ সন্মুখত ধৰ্ণা কাৰ্য্যসূচী ৰূপায়ন
চৰাইদেউ, ০১ নৱেম্বৰ (হি.স.)। চৰাইদেউ জিলাৰ সোনাৰিত সদৌ অসম চাওঁতাল মাঝি মণ্ডল আৰু চাওঁতাল উন্নয়ন সন্থাৰ আৰু সদৌ অসম চাওঁতাল উন্নয়ন সন্থা চৰাইদেউ জিলা সমিতি উদ্যোগত জনজাতিকৰণৰ দাবীত আজি চৰাইদেউ জিলা আয়ুক্তৰ কাৰ্য্যলয়ৰ সন্মুখত ধৰ্ণা কাৰ্য্যসূচী ৰূপ
জনজাতিকৰণৰ দাবীত চৰাইদেউ জিলা আয়ুক্তৰ কাৰ্য্যলয়ৰ সন্মুখত ধৰ্ণা কাৰ্য্যসূচী ৰূপায়ন


চৰাইদেউ, ০১ নৱেম্বৰ (হি.স.)। চৰাইদেউ জিলাৰ সোনাৰিত সদৌ অসম চাওঁতাল মাঝি মণ্ডল আৰু চাওঁতাল উন্নয়ন সন্থাৰ আৰু সদৌ অসম চাওঁতাল উন্নয়ন সন্থা চৰাইদেউ জিলা সমিতি উদ্যোগত জনজাতিকৰণৰ দাবীত আজি চৰাইদেউ জিলা আয়ুক্তৰ কাৰ্য্যলয়ৰ সন্মুখত ধৰ্ণা কাৰ্য্যসূচী ৰূপায়ন ।জনগোষ্ঠীটোৰ বিভিন্ন দাবীৰে প্ৰতিবাদকাৰী সকলে ধৰ্ণা কাৰ্য্যসূচী ৰূপায়ন কৰি পৰিবেশ উত্তাল কৰি তোলে ।

পিছত চৰাইদেউ জিলা আয়ুক্তৰ যোগেদি মুখ্যমন্ত্ৰীলৈ এখন স্মাৰকপত্ৰ প্ৰদান কৰে সংগঠনটোৱে।স্মাৰকপত্ৰত উল্লেখ কৰা দাবী সমুহ হ'ল চাওঁতাল জনগোষ্ঠীক অতি শীঘ্ৰে জনজাতি হিচাপে স্বীকৃতি প্ৰদান কৰক,চাওঁতাল সকলৰ উপাসনাস্থলী ( মাঝিথান) সমুহ পকীকৰণ কৰক,চাওঁতাল জনগোষ্ঠীৰ সাংস্কৃতিক, সামাজিক, অৰ্থনৈতিক দিশত উন্নয়নৰ বাবে সুকীয়াকৈ চাওঁতাল উন্নয়ন পৰিষদ গঠন কৰক,চাওঁতাল সকলে দখল কৰি থকা মাটি সমুহ ম্যাদি পট্টা প্ৰদান কৰাৰ ব্যৱস্থা কৰক,চাওঁতাল সকলৰ জাতীয় উৎসৱ বাহা ফাগুন মাহৰ শুক্লা পঞ্চমী তিথিত চৰকাৰী বন্ধ দিন ঘোষণা কৰক আদি শ্লোগানেৰে পৰিবেশ উত্তাল কৰি প্ৰতিবাদ সাব্যস্ত কৰে। এই দাবী সমুহ লৈ সদৌ অসম চাওঁতাল মাঝি মণ্ডল চৰাইদেউ জিলা সমিতিৰ সভাপতি বিকাশ চৰেন, সম্পাদক বিশ্বজিৎ হেমৰম, আৰু সদৌ অসম চাওঁতাল উন্নয়ন সন্থা চৰাইদেউ জিলা সমিতিৰ সভাপতি অমৰ হেমৰম, সম্পাদক ৰাজীৱ মুৰ্ম্মু স্বাক্ষৰিত স্মাৰকপত্ৰ প্ৰেৰণ কৰে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande