
গোৱালপাৰা, ০১ নৱেম্বৰ (হি.স.)। গোৱালপাৰা জিলাৰ জলেশ্বৰ উন্নয়ন খণ্ডৰ কাৰ্যালয় সন্মুখত মহিলা উদ্যমিতা আঁচনিৰ চেক বঞ্চিত আত্মসহায়ক গোটৰ মহিলা সদস্যৰ আজি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।
জীৱিকা সখি ৰাশিদা বেগমৰ বিৰুদ্ধে আত্মসহায়ক গোটৰ সদস্যৰ ক্ষোভ। জীৱিকা সখি ৰাশিদা বেগম মুৰ্দাবাদ, মহিলা উদ্যমিতা আঁচনিৰ চেক আমাক লাগিবই আদি শ্লোগানেৰে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।জীৱিকা সখি গৰাকীয়ে টকাৰ দিব নোৱাৰা সদস্যক আঁচনিৰ পৰা বেআইনী ভাৱে বঞ্চিত কৰাৰ অভিযোগ উত্থাপন কৰিছে মহিলা উদ্যমিতা আঁচনিৰ চেক বঞ্চিত আত্মসহায়ক গোটৰ মহিলা সদস্য সকলে।অতি শীঘ্ৰেই জীৱিকা সখি ৰাশিদা বেগমক গৌৰনগৰ গাও পঞ্চায়ৰ দায়িত্বৰ পৰা তাৎক্ষণিকভাৱে বদলি কৰিবলৈ আহ্বান জনায়।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ