
নতুন দিল্লী, ০১ নৱেম্বৰ (হি.স.)। হাৰিয়ানা দিৱস উপলক্ষে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাজ্যবাসীক শুভেচ্ছা জ্ঞাপন কৰে। কৃষকসকলৰ অক্লান্ত পৰিশ্ৰম, জোৱানসকলৰ অদম্য সাহস, যুৱক-যুৱতীসকলৰ সাফল্যৰ জৰিয়তে সমগ্ৰ দেশতে হাৰিয়ানা প্ৰেৰণাৰ উৎস হৈ পৰিছে বুলিও তেওঁ কয়।
প্ৰধানমন্ত্ৰীয়ে ৰাজ্যখনে উন্নয়নৰ পথত দ্ৰুতগতিত আগবাঢ়িছে বুলি উল্লেখ কৰি সকলো নাগৰিকৰ বাবে সুখ, সমৃদ্ধি, উজ্জ্বল ভৱিষ্যত কামনা কৰে।
প্ৰধানমন্ত্ৰী মোদীয়ে নিজৰ এক্স-পোষ্টত লিখিছে যে এই ঐতিহাসিক ভূমি কৃষকৰ কঠোৰ পৰিশ্ৰম, জোৱানৰ বীৰত্ব, যুৱক-যুৱতীসকলৰ প্ৰতিভাৰ বাবে সমগ্ৰ দেশৰ বাবে এক আদৰ্শ হৈ পৰিছে।
हिन्दुस्थान समाचार / অৰৱিন্দ