
নতুন দিল্লী, ০১ নৱেম্বৰ (হি.স.)। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তাই সাহিত্যিক তথা শিক্ষাবিদ ৰামদৰশ মিশ্ৰৰ মৃত্যুত শোক প্ৰকাশ কৰে।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শনিবাৰে এক্স-ত এক পোষ্টত কয় যে প্ৰখ্যাত লেখক তথা শিক্ষাবিদ ৰামদৰশ মিশ্ৰৰ মৃত্যুত তেওঁ গভীৰ শোক প্ৰকাশ কৰিছে। তেওঁৰ বিয়োগ হিন্দী আৰু ভোজপুৰী সাহিত্যৰ বাবে এক অপূৰণীয় ক্ষতি। তেওঁৰ জনপ্ৰিয় ৰচনাৰ বাবে তেওঁ সদায় স্মৰণীয় হৈ থাকিব। এই শোকৰ সমতয়ত তেওঁৰ পৰিয়াল আৰু অনুৰাগীলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিলোঁ। ওম শান্তি!
মুখ্যমন্ত্ৰী ৰেখা গুপ্তাই এক্স-মাধ্যমত এটা পোষ্টত কয় যে জ্যেষ্ঠ লেখক তথা শিক্ষাবিদ ৰামদৰশ মিশ্ৰৰ মৃত্যুৰ খবৰটো অত্যন্ত দুখজনক। হিন্দী আৰু ভোজপুৰী সাহিত্যলৈ তেওঁৰ অৱদান আছিল এক যুগৰ দৰে, শব্দৰ প্ৰতি সংবেদনশীলতা আৰু সমাজলৈ দৃষ্টিশক্তি প্ৰদান কৰা। তেওঁৰ ৰচনাসমূহ কেৱল সাহিত্যই নহয়, জীৱন অভিজ্ঞতাৰ আত্মজীৱনী আছিল। ৰামদৰশ মিশ্ৰৰ বিয়োগ সাহিত্য জগতৰ বাবে এক গভীৰ ক্ষতি বুলিও কয় তেওঁ। ভগৱানে তেওঁৰ আত্মাক শান্তি প্ৰদান কৰক আৰু তেওঁৰ পৰিয়াল আৰু অনুৰাগীসকলক এই ক্ষতি সহ্য কৰিবলৈ শক্তি প্ৰদান কৰক।
উল্লেখযোগ্য যে শুকুৰবাৰে নিশা সাহিত্যিক ৰামদৰশ মিশ্ৰৰ মৃত্যু হয়। দিল্লীৰ দ্বাৰকাত থকা নিজৰ বাসগৃহত তেওঁ শেষ নিশ্বাস ত্যাগ কৰে।
हिन्दुस्थान समाचार / অৰৱিন্দ