অন্ধ্ৰ প্ৰদেশঃ শ্ৰীকাকুলাম ভেংকটেশ্বৰ স্বামী মন্দিৰত লৰা-ঢপৰাত ৯ জন ভক্তৰ মৃত্যু, কেইবাজনো আহত
শ্ৰীকাকুলাম, ০১ নৱেম্বৰ (হি.স.)। অন্ধ্ৰ প্ৰদেশৰ শ্ৰীকাকুলাম জিলাৰ কাশী বুগ্গা ভেংকটেশ্বৰ স্বামী মন্দিৰত শুকুৰবাৰে সংঘটিত হোৱা লৰাঢপৰাত ৯ জন লোক নিহত হোৱাৰ লগতে কেইবাজনো আহত হয়। মৃতকৰ সংখ্যা বৃদ্ধি পোৱাৰ আশংকা কৰা হৈছে। ঘটনা সন্দৰ্ভত সম্পূর্ণ সবিশে
काशी बुग्गा


শ্ৰীকাকুলাম, ০১ নৱেম্বৰ (হি.স.)। অন্ধ্ৰ প্ৰদেশৰ শ্ৰীকাকুলাম জিলাৰ কাশী বুগ্গা ভেংকটেশ্বৰ স্বামী মন্দিৰত শুকুৰবাৰে সংঘটিত হোৱা লৰাঢপৰাত ৯ জন লোক নিহত হোৱাৰ লগতে কেইবাজনো আহত হয়। মৃতকৰ সংখ্যা বৃদ্ধি পোৱাৰ আশংকা কৰা হৈছে। ঘটনা সন্দৰ্ভত সম্পূর্ণ সবিশেষ এতিয়াও জানিব পৰা হোৱা নাই৷ দুৰ্ঘটনাৰ সময়ত ২৫ হাজাৰৰো অধিক ভক্তই দৰ্শনৰ বাবে শাৰী পাতি ৰৈ আছিল। জিলা প্ৰশাসনে সম্পূৰ্ণ তদন্তৰ নিৰ্দেশ দিছে।

আৰক্ষী প্ৰশাসনৰ মতে, আজি একাদশীৰ কাৰণে কাশী বুগ্গা ভেংকটেশ্বৰ স্বামী মন্দিৰ ভক্তৰে উপচি পৰিছিল। বৃহৎ জনসমাগমৰ ফলত মন্দিৰৰ ৰেলিং ভাঙি পৰাত ভক্তসকল তললৈ পৰি যায়, যাৰ ফলত হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হয়। এই ঘটনাত ৯ জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে কেইবাজনো লোক গুৰুতৰভাৱে আহত হয়। পৰৱৰ্তী সময়ত আহতসকলক স্থানীয় চিকিৎসালয়লৈ লৈ যোৱা হয়। স্থানীয় বিধায়ক গৌথু শিৰ্ষাও সাহায্যৰ কামত জড়িত, জিলাৰ বাহিৰৰ পৰা এম্বুলেন্স মাতি অনা হৈছে।

হৰি মুকুন্দ পাণ্ডা পৰিয়ালে তিৰুমালা ভ্ৰমণ কৰিব নোৱাৰাৰ বাবে দহবছৰ পূৰ্বে প্ৰায় ২০ কোটি টকা ব্যয় কৰি ১২ একৰ মাটিত এই মন্দিৰ নিৰ্মাণ কৰিছিল। কাশীবুগ্গা ভেংকটেশ্বৰ মন্দিৰক উত্তৰ অন্ধ্ৰৰ ছোটা তিৰুপতি বুলি জনা যায়। চিন্না তিৰুপতি নামেৰে বিখ্যাত হোৱাৰ পিছৰে পৰা ইয়াত বৃহৎ সংখ্যক ভক্তৰ ভিৰ হৈছে। একাদশী উপলক্ষে ভক্তৰ বাবে কোনো ব্যৱস্থা নকৰাৰ অভিযোগ মন্দিৰ প্ৰশাসন আৰু কৰ্মচাৰীৰ বিৰুদ্ধে। আনকি মৌলিক সুবিধাও দিয়া হোৱা নাছিল। মন্দিৰৰ কৰ্মচাৰীৰ অৱহেলা আৰু উদাসীনতাই এই দুৰ্ঘটনাৰ মূল কাৰণ।

অৱশ্যে মন্দিৰৰ আশে-পাশে থকা অঞ্চলত সম্প্ৰতি উত্তেজনা অব্যাহত আছে। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰি আছে। এই ঘটনা সন্দৰ্ভত জিলা প্ৰশাসনে পুংখানুপুংখ তদন্তৰ নিৰ্দেশ দিছে। মন্দিৰৰ নিৰাপত্তাৰ ব্যৱস্থাত কোনো ধৰণৰ ত্ৰুটি হৈছে নে নাই সেইটোও নিৰ্ণয় কৰাৰ প্ৰয়াস কৰা হৈছে। ইফালে ৰাজ্যিক মন্ত্ৰী অনম ৰামা নাৰায়ণ ৰেড্ডীয়ে এই হুলস্থুলৰ সন্দৰ্ভত সোধা-পোছা কৰিছে।

মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডুৱে শ্ৰীকাকুলাম জিলাৰ কাশীবুগ্গা ভেংকটেশ্বৰ মন্দিৰত সংঘটিত লৰাঢপৰা কাৰ্যত স্তম্ভিত হৈ পৰে। চন্দ্ৰবাবু নাইডুৱে কয় যে, এই দুৰ্ভাগ্যজনক ঘটনাত ভক্তসকলৰ মৃত্যু হোৱাটো গভীৰ দুখজনক। মৃতকৰ পৰিয়াললৈ গভীৰ শোক প্ৰকাশ কৰিছো। আহতসকলক তাৎক্ষণিক চিকিৎসা প্ৰদান কৰিবলৈ বিষয়াসকলক নিৰ্দেশ দিছো। স্থানীয় বিষয়া আৰু জনপ্ৰতিনিধিসকলক সেই স্থান পৰিদৰ্শন কৰি সাহায্য অভিযান নিৰীক্ষণ কৰিবলৈ কৈছো।’

हिन्दुस्थान समाचार / অৰৱিন্দ


 rajesh pande