জলেশ্বৰৰ ঘুগুডোবাত সংঘটিত পথ দুৰ্ঘটনাত নিহত এজন
গোৱালপাৰা, ০১ নৱেম্বৰ (হি.স.)। গোৱালপাৰা জিলাৰ লক্ষীপুৰ– জলেশ্বৰ সংযোগী পথৰ ঘুগুডোবাত আজি সংঘটিত হৈছে এক শোকাৱহ পথ দুৰ্ঘটনা । ই-ৰিস্কা আৰু বাইকৰ মাজত সৃষ্টি হই মুখামুখি সংঘৰ্ষ। থিতাতে নিহত হয় বাইক চালক । নিহত বাইক চালক জনক কাটাৰীহাৰা গাঁৱৰ জাহিৰুল
জলেশ্বৰৰ ঘুগুডোবাত সংঘটিত পথ দুৰ্ঘটনাত নিহত এজন


গোৱালপাৰা, ০১ নৱেম্বৰ (হি.স.)। গোৱালপাৰা জিলাৰ লক্ষীপুৰ– জলেশ্বৰ সংযোগী পথৰ ঘুগুডোবাত আজি সংঘটিত হৈছে এক শোকাৱহ পথ দুৰ্ঘটনা । ই-ৰিস্কা আৰু বাইকৰ মাজত সৃষ্টি হই মুখামুখি সংঘৰ্ষ। থিতাতে নিহত হয় বাইক চালক । নিহত বাইক চালক জনক কাটাৰীহাৰা গাঁৱৰ জাহিৰুল ইছলামৰ পুত্ৰ দিলদাৰ হুছেইন (২১) বুলি জানিব পৰা গৈছে। লক্ষনীয় যে, লক্ষীপুৰ– জলেশ্বৰ সংযোগী পথটো অতি ব্যস্ত।অতি তীব্ৰ গতিত চলাচল কৰে যানবাহন সমূহ।কৰ্তব্য়ৰত যানবাহন আৰক্ষী থাকে যদিও তীব্ৰ গতিত চলাচল কৰা বাহন সমূহক নাকি লগাব ব্য়ৰ্থ হয়।ফলত অঞ্চলটোত সঘনে দূৰ্ঘটনা সংঘটিত হয়।

ঘটনা স্থলীত জলেশ্বৰ আৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে গোৱালপাৰা অসামৰিক চিকিৎসালয় লৈ প্ৰেৰণ কৰে। এই ঘটনায় কাটাৰিহাৰা অঞ্চল জুৰি শোকৰ ছাঁ পৰিছে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande