বজালীৰ বেলনাত সংঘটিত পথ দুৰ্ঘটনাত নিহত এজন
বজালী, ০১ নৱেম্বৰ (হি.স.)। বজালীৰ বেলনাত আজি সংঘটিত হই এক ভয়ংকৰ পথ দুৰ্ঘটনা। ট্ৰেক্টৰৰ খুন্দাত থিতাতে নিহত হয় ১৩ বছৰীয়া ছাত্ৰ । ছাত্ৰ গৰাকীক অঞ্চলটোৰ সুমন তালুকদাৰ বুলি চিনাক্ত কৰা হৈছে। দুৰ্ঘটনা সংঘটিত কৰিয়েই পলাই যায় ট্ৰেক্টৰ চালক সত্যজিৎ কলিতা।
বজালীৰ বেলনাত সংঘটিত পথ দুৰ্ঘটনাত নিহত এজন


বজালী, ০১ নৱেম্বৰ (হি.স.)। বজালীৰ বেলনাত আজি সংঘটিত হই এক ভয়ংকৰ পথ দুৰ্ঘটনা। ট্ৰেক্টৰৰ খুন্দাত থিতাতে নিহত হয় ১৩ বছৰীয়া ছাত্ৰ । ছাত্ৰ গৰাকীক অঞ্চলটোৰ সুমন তালুকদাৰ বুলি চিনাক্ত কৰা হৈছে। দুৰ্ঘটনা সংঘটিত কৰিয়েই পলাই যায় ট্ৰেক্টৰ চালক সত্যজিৎ কলিতা। পাঠশালা মদন ৰাউতা অসামৰিক চিকিৎসালয়ত থকা নিহত সুমন তালুকদাৰৰ মৃতদেহ প্ৰত্য়ক্ষ কৰিবলৈ পাঠশালা আৰক্ষীৰ শীৰ্ষ বিষয়া উপস্থিত।মৰোণত্তৰ পৰীক্ষাৰ প্ৰতিবেদন সংগ্ৰহ কৰি ঘটনাস্থলীৰ পৰা প্ৰত্য়াবৰ্তন কৰে আৰক্ষীৰ দলটো।

নিয়ম নিটি নমনা ট্ৰেক্টৰ চালকৰ বিৰুদ্ধে কোনো ব্য়ৱস্থা গ্ৰহণত ব্য়ৰ্থ হোৱা পৰিবহণ বিভাগৰ ওপৰত ক্ষোভ প্ৰকাশ স্থানীয় ৰাইজৰ। নিহত ছাত্ৰ জনৰ পৰিয়ালক ক্ষতিপুৰণ প্ৰদানৰ দাবী স্থানীয় ৰাইজৰ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande