প্ৰধানমন্ত্ৰীৰ কেৰালা পিৰাৱীত ৰাজ্যখনৰ জনসাধাৰণক শুভেচ্ছা জ্ঞাপন, কয়- কেৰালাৰ সৃষ্টিশীলতা আৰু ঐতিহ্য ভাৰতৰ সাংস্কৃতিক সমৃদ্ধিৰ প্ৰতীক
নতুন দিল্লী, ০১ নৱেম্বৰ (হি.স.)। কেৰালা পিৰাৱী উপলক্ষে ৰাজ্যবাসীলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শুভেচ্ছা জ্ঞাপন কৰে। তেওঁ কয় যে কেৰালাৰ জনসাধাৰণে তেওঁলোকৰ সৃষ্টিশীলতা আৰু উদ্ভাৱনৰ জৰিয়তে বিভিন্ন ক্ষেত্ৰত বিশ্বজুৰি নিজৰ নাম উজলাই তুলিছে। প্ৰধান
प्रधानमंत्री मोदी


নতুন দিল্লী, ০১ নৱেম্বৰ (হি.স.)। কেৰালা পিৰাৱী উপলক্ষে ৰাজ্যবাসীলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শুভেচ্ছা জ্ঞাপন কৰে। তেওঁ কয় যে কেৰালাৰ জনসাধাৰণে তেওঁলোকৰ সৃষ্টিশীলতা আৰু উদ্ভাৱনৰ জৰিয়তে বিভিন্ন ক্ষেত্ৰত বিশ্বজুৰি নিজৰ নাম উজলাই তুলিছে।

প্ৰধানমন্ত্ৰীয়ে কয় যে ৰাজ্যখনৰ মনোমোহা প্ৰাকৃতিক দৃশ্যপট আৰু শতিকা পুৰণি ঐতিহ্যই ভাৰতৰ সজীৱ সাংস্কৃতিক সমৃদ্ধিৰ প্ৰতিফলন ঘটায়। তেওঁ কেৰালাবাসীক সুস্বাস্থ্য আৰু অবিৰত সফলতা কামনা কৰে।

নিজৰ এক্স পোষ্টত প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে কেৰালাৰ জনসাধাৰণে নিজৰ প্ৰতিভা, সৃষ্টিশীলতা, আৰু প্ৰগতিশীল চিন্তাৰে সমগ্ৰ বিশ্বতে দেশলৈ গৌৰৱ কঢ়িয়াই আনিছে।

हिन्दुस्थान समाचार / অৰৱিন্দ


 rajesh pande