শ্ৰীলংকাৰ কলম্বোত ৰাষ্ট্ৰীয় বঁটাৰে বিভূষিত তেজপুৰৰ বিশিষ্ট নৃত্যশিল্পী ৰুবী বৰা বৰদলৈ
-শ্ৰীলংকা কনক্লেভত গ্লবেল আৰ্টিষ্ট এৱাৰ্ড লাভ -ইণ্ডিয়ান আৰ্ট এণ্ড কালচাৰেল ছ''ছাইটিৰ অনুষ্ঠানত ৰুবী বৰা বৰদলৈৰ দুহিতা ভায়লিনা বৰদলৈৰ সত্ৰীয়া নৃত্যত অভিভূত শ্ৰীলংকাবাসী শোণিতপুৰ, ০১ নবেম্বৰ (হি.স.)। চুবুৰীয়া দেশ শ্ৰীলংকাৰ কলম্বোত ৰাষ্ট্ৰী
শ্ৰীলংকাৰ কলম্বোত ৰাষ্ট্ৰীয় বঁটাৰে বিভূষিত হ'ল তেজপুৰৰ বিশিষ্ট নৃত্যশিল্পী ৰুবী বৰা বৰদলৈ  শ্ৰীলংকা কনক্লেভত গ্লবেল আৰ্টিষ্ট এৱাৰ্ড  লাভ


-শ্ৰীলংকা কনক্লেভত গ্লবেল আৰ্টিষ্ট এৱাৰ্ড লাভ

-ইণ্ডিয়ান আৰ্ট এণ্ড কালচাৰেল ছ'ছাইটিৰ অনুষ্ঠানত ৰুবী বৰা বৰদলৈৰ দুহিতা ভায়লিনা বৰদলৈৰ সত্ৰীয়া নৃত্যত অভিভূত শ্ৰীলংকাবাসী

শোণিতপুৰ, ০১ নবেম্বৰ (হি.স.)। চুবুৰীয়া দেশ শ্ৰীলংকাৰ কলম্বোত ৰাষ্ট্ৰীয় বঁটাৰে বিভূষিত হৈছে তেজপুৰৰ বিশিষ্ট নৃত্যশিল্পী ৰুবী বৰা বৰদলৈ। তেজপুৰৰ জনপ্ৰিয় নৃত্যশিল্পীয়ে যোৱা কালি শুকুৰবাৰে শ্ৰীলংকাৰ ৰাজধানী কলম্বোত গ্ৰহণ কৰিলে এই ৰাষ্ট্ৰীয় বঁটা । আনহাতে সেই একেটা অনুষ্ঠানতে বঁটা প্ৰাপকৰ একমাত্ৰ দুহিতা তথা পাৰদৰ্শী সত্ৰীয়া নৃত্যৰ শিল্পীয়ে সত্ৰীয়া নৃত্য পৰিৱেশন কৰি শ্ৰীলংকাবাসীক মনোমুগ্ধ কৰি তুলিলে ।

উল্লেখ্য শ্ৰীলংকাৰ কলম্বোস্হিত ইণ্ডিয়ান আৰ্ট এণ্ড কালচাৰেল ছছাইটীৰ উদ্যোগত যোৱা কালি শুকুৰবাৰে এক গাম্ভীৰ্যপূৰ্ণ সাংস্কৃতিক অনুষ্ঠানত তেজপুৰৰ প্ৰয়াত জনপ্ৰিয় কন্ঠশিল্পী পংকজ বৰদলৈৰ সহধৰ্মিনী ৰুবী বৰা বৰদলৈক ছাইটিয়ে গ্লবেল আৰ্টছ এৱাৰ্ড প্ৰদান কৰে।

উল্লেখ্য যে সেই অনুষ্ঠানটিতে ৰুবী বৰা বৰদলৈৰ একমাত্ৰ দুহিতা ভায়লিনা বৰদলৈয়ে সত্ৰীয়া নৃত্য প্ৰদৰ্শন কৰি অসম তথা তেজপুৰলৈ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হয় । বিশিষ্ট নৃত্যশিল্পী ৰুবী বৰা বৰদলৈয়ে তেজপুৰত গঢ়ি তোলা নৃত্যানুষ্ঠান নূপুৰ নৃত্যাংগনাৰ জৰিয়তে ধাৰাবাহিক ভাৱে একাংশ নতুন প্ৰজন্মৰ শিক্ষাৰ্থীক সত্ৰীয়া নৃত্যৰ লগতে বিভিন্ন নৃত্য শৈলীৰে পাৰদৰ্শী কৰি তোলাৰ লগতে বিগত সময়চোৱাত ১৫ খনকৈ ৰাষ্ট্ৰীয় পৰ্যায়ৰ অনুষ্ঠানৰ লগতে গ্ৰীছ, ডুবাই, চিংগাপুৰ, বালী, থাইলেণ্ড, কলম্বো, নেপাল, ভূটান আদি ৰাষ্ট্ৰত ৰাষ্ট্ৰীয় পৰ্যায়ত নিজৰ শিক্ষাৰ্থী সকলক বিহুনাচ আৰু সত্ৰীয়া নৃত্যৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰোৱাই পুৰস্কাৰ প্ৰাপ্তিৰে অসমলৈ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হোৱাৰ স্বীকৃতি স্বৰূপেই শ্ৰীলংকাৰ কলম্বোস্হিত ইণ্ডিয়ান আৰ্ট এণ্ড কালচাৰেল ছ ছাইটীয়ে ৰাষ্ট্ৰীয় পৰ্যায়ৰ এই গ্লবেল আৰ্টিষ্ট এৱাৰ্ড প্ৰদান কৰে।

উল্লেখ্য যে যোৱা ২৯ অক্টোবৰৰ পৰা ৩১ অক্টোবৰলৈ অনুষ্ঠিত হোৱা শ্ৰীলংকা কনক্লেভ শীৰ্ষক বৃহৎ অনুষ্ঠানটিত উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰত একমাত্ৰ শিল্পী হিচাপে এই ৰাষ্ট্ৰীয় বঁটাৰে ৰুবী বৰা বৰদলৈক এই উল্লেখযোগ্য বঁটাৰে বিভূষিত কৰাৰ খবৰে স্বাভাৱিকতে তেজপুৰ বাসীক আহ্লাদিত কৰি তুলিছে ।

মন কৰিবলগীয়া যে ৰুবী বৰা বৰদলৈৰ একমাত্ৰ দুহিতা ভায়লিনা বৰদলৈয়েও ইতিপূৰ্বে বিভিন্ন আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত সত্ৰীয়া নৃত্য প্ৰদৰ্শন কৰি তেজপুৰলৈ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হোৱাৰ পিছত কালি সেই একেটা অনুষ্ঠানতে সত্ৰীয়া নৃত্য প্ৰদৰ্শন কৰি তেজপুৰ তথা ৰাজ্যখনলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হয় ।

হিন্দুস্থান সমাচাৰ / সমীৰ কাৰ


 rajesh pande