বেংকিং আৰু দৈনন্দিন জীৱনৰ সৈতে জড়িত বহু নিয়ম আজিৰ পৰা সলনি, অধিক মনোযোগৰ প্ৰয়োজন
নতুন দিল্লী, ০১ নৱেম্বৰ (হি.স.)। আজিৰ পৰা অৰ্থাৎ নৱেম্বৰৰ প্ৰথম দিনটোৰ পৰা সাধাৰণ জনতাৰ কাম-কাজ আৰু বেংকিং সুবিধা সম্পৰ্কীয় বহু নিয়ম সলনি হৈছে। ভাৰতীয় ৰিজাৰ্ভ বেংক আৰু বিত্ত মন্ত্ৰালয়ৰ কেইবাটাও নতুন নিয়ম আজি কাৰ্যকৰী হৈছে। ইয়াৰ ভিতৰত আছে ইউন
बैंकिंग और आम जीवन से जुड़े कई नियम आज से बदले


নতুন দিল্লী, ০১ নৱেম্বৰ (হি.স.)। আজিৰ পৰা অৰ্থাৎ নৱেম্বৰৰ প্ৰথম দিনটোৰ পৰা সাধাৰণ জনতাৰ কাম-কাজ আৰু বেংকিং সুবিধা সম্পৰ্কীয় বহু নিয়ম সলনি হৈছে।

ভাৰতীয় ৰিজাৰ্ভ বেংক আৰু বিত্ত মন্ত্ৰালয়ৰ কেইবাটাও নতুন নিয়ম আজি কাৰ্যকৰী হৈছে। ইয়াৰ ভিতৰত আছে ইউনিফাইড পেঞ্চন আঁচনিৰ নতুন সময়সীমা আৰু পেঞ্চনাৰসকলৰ বাবে জীৱন প্ৰমাণপত্ৰ জমা দিয়াৰ প্ৰক্ৰিয়া, চাৰিজন মনোনীত ব্যক্তিক বেংক একাউণ্টত যোগ কৰাৰ ক্ষমতা, ভাৰতীয় ষ্টেট বেংকৰ কাৰ্ড ব্যৱহাৰৰ বাবে এক শতাংশ অতিৰিক্ত মাচুল আদি অন্যতম।

কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ সেৱাৰ পৰা অৱসৰ লোৱা পেঞ্চনাৰসকলৰ জীৱন প্ৰমাণ পত্ৰ জমা দিয়াৰ প্ৰক্ৰিয়া আজি আৰম্ভ হৈছে। এইবোৰ ডিজিটেলভাৱে জীৱন প্ৰমান পৰ্টেলত বা বেংক আৰু ডাকঘৰলৈ গৈ জমা দিব পাৰিব। ইয়াৰ অন্তিম তাৰিখ ২০২৫ চনৰ ৩০ নৱেম্বৰ। যদি কোনো পেঞ্চনাৰ ৩০ নৱেম্বৰৰ ভিতৰত জীৱন প্ৰমাণ পত্ৰ জমা দিব নোৱাৰে তেন্তে পেঞ্চন লাভ কৰাত অসুবিধাৰ সন্মুখীন হ’ব পাৰে।

একেদৰে কেন্দ্ৰীয় চৰকাৰে ইউনিফাইড পেঞ্চন আঁচনি (ইউ পি এছ)ত যোগদানৰ সময়সীমা ২০২৫ চনৰ ৩০ নৱেম্বৰলৈ বৃদ্ধি কৰি সকলো কৰ্মচাৰীকে সকাহ প্ৰদান কৰিছে। পূৰ্বে ইউনিফাইড পেঞ্চন আঁচনি (ইউ পি এছ)ত যোগদানৰ সময়সীমা আছিল ৩০ ছেপ্টেম্বৰ, কিন্তু কৰ্মচাৰী আৰু বিভিন্ন বিভাগৰ দাবীৰ পিছত দুমাহ বৃদ্ধি কৰা হয়।

আৰম্ভণিতে বেংক একাউণ্টত মনোনীতসকলক সংযোজন সন্দৰ্ভত যথেষ্ট সকাহ দিয়া হৈছে। আজিৰ পৰা আৰম্ভ হোৱা এই নতুন ব্যৱস্থাৰ অধীনত এজন বেংকৰ গ্ৰাহকে এতিয়া তেওঁলোকৰ বেংক একাউণ্টত চাৰিজন মনোনীত ব্যক্তি যোগ কৰিব পাৰিব, যিটো পূৰ্বৰ সীমা মাত্ৰ এজনহে আছিল। এই ব্যৱস্থাৰ অধীনত বেংকৰ গ্ৰাহকে একেলগে বা পছন্দ অনুসৰি সকলো মনোনীত ব্যক্তিক যোগ কৰিব পাৰে। অৱশ্যে বেংকৰ লকাৰৰ বাবে কেৱল ক্ৰমিক মনোনয়ন লাভ কৰিব। অৰ্থাৎ প্ৰথম মনোনীত ব্যক্তিৰ মৃত্যু হৈছে বা অনুপলব্ধ হ’লে দ্বিতীয় মনোনীত ব্যক্তিয়ে প্ৰথম মনোনীত ব্যক্তিৰ স্থান ল’বলৈ যোগ্য হ’ব।

আজিৰ পৰা কাৰ্যকৰী হোৱাকৈ এছ বি আই কাৰ্ডে নিজৰ চাৰ্জ ষ্ট্ৰাকচাৰ সংশোধন কৰিছে। এই পৰিৱৰ্তনৰ অধীনত এছ বি আই কাৰ্ডধাৰীয়ে তৃতীয় পক্ষৰ এপৰ জৰিয়তে স্কুল বা কলেজৰ মাচুল পৰিশোধ কৰিলে এক শতাংশ অতিৰিক্ত চাৰ্জ দিব লাগিব। কাৰ্ডৰ জৰিয়তে পোনপটীয়াকৈ মাচুল পৰিশোধ কৰাৰ বাবে কোনো অতিৰিক্ত চাৰ্জ লোৱা নহ’ব। ইয়াৰ উপৰিও কাৰ্ড ব্যৱহাৰ কৰি নিৰ্বাচিত শিতানত ১০০০ ₹তকৈ অধিক ৱালেট টপ আপ কৰিলেও এক শতাংশ চাৰ্জ লোৱা হ’ব।

আজিৰ পৰা কাৰ্যকৰী হোৱাকৈ ভাৰতীয় একক পৰিচয় কৰ্তৃপক্ষই শিশুৰ আধাৰ কাৰ্ডৰ বায়’মেট্ৰিক আপডেটৰ বাবে ₹১২৫ মাচুল ৰেহাই দিছে। এই মাচুল এবছৰৰ বাবে বিনামূলীয়া হৈ থাকিব। বৰ্তমান প্ৰাপ্তবয়স্কসকলে নিজৰ নাম, জন্ম তাৰিখ, ঠিকনা বা মোবাইল নম্বৰ আপডেট কৰাৰ বাবে ₹৭৫ আৰু আঙুলিৰ ছাপৰ দৰে বায়’মেট্ৰিক বিৱৰণ আপডেট কৰাৰ বাবে ₹১২৫ আদায় দিব লাগে।

हिन्दुस्थान समाचार / অৰৱিন্দ


 rajesh pande