
দৰং , ০১ নৱেম্বৰ (হি.স.)। জুবিন গাৰ্গৰ অনুৰাগীৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ মন্তব্যৰ ওপৰত প্ৰতিক্ৰিয়া আছুৰ সভাপতি উৎপল শৰ্মাৰ। শৰ্মাই কয় যে
জুবিন গাৰ্গৰ অনুৰাগী সকলক ৰাজনৈতিক ভাবে স্বীকৃতিৰ প্ৰয়োজন নাই ৷
আজি সদৌ অসম ছাত্ৰসন্থা সভাপতি মঙলদৈত দৰং জিলা ছাত্ৰ সন্থাৰ অধিবেশনত উপস্থিত হৈ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই জুবিন গাৰ্গৰ প্ৰকৃত অনুৰাগী আৰু কৃত্ৰিম অনুৰাগী সম্পৰ্কত কোৱা বক্তব্যৰ তীব্ৰ বিৰোধিতা কৰিলে ৷ ইয়াৰ উপৰিও জুবিন গাৰ্গৰ অনুৰাগীক কোনো ৰাজনৈতিক দলে চিনাক্ত কৰাৰ প্ৰয়োজন নাই বুলি কলে ৷ অসমত বাস কৰা প্ৰতিজন লোকেই জুবিন অনুৰাগী বুলি গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায় উৎপল শৰ্মাই।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা